হাতী আৰু নিগনিৰ বন্ধুত্ব
এখন হাবিত এপাল বনৰীয়া হাতী আছিল । হাতীৰ পালটোৱে ওচৰতে থকা সৰোবৰলৈ সদায় পানী খাবলৈ যায় ৷ হাতীয়ে পানী খাবলৈ যোৱা বাটটোতে আছিল কেইকুৰিমান নিগনিৰ গাঁত ৷ হাতীবোৰ আহোঁতে-যাওঁতে নিগনিবোৰ গচকত পৰি মৰে ৷
এদিনাখন নিগনিবোৰে এখন সভা পাতিলে। সভাত সকলোতকৈ বয়সস্থ নিগনিটোৱে আনবোৰ নিগনিক ক’লে, “মই বুঢ়া হৈছোঁ, হাতীৰ খোজত মৰিলেও দুখ নাই। কিন্তু সৰু সৰু পোৱালিবোৰৰ মৃত্যু হোৱা দেখিলে মোৰ বৰ দুখ লাগে। মই এটা উপায় চিন্তা কৰিছোঁ ৷ আমি সকলোৱে গৈ গজৰাজক কাকূতি কৰোঁ।” বয়সস্থ নিগনিটোৰ কথাত সকলো সন্মত হ'ল ।পিছদিনা সকলো নিগনি গজৰাজৰ সমুখত উপস্থিত হ'ল ৷ গজৰাজ আৰু আন হাতীবোৰে সৰোবৰত পানী খাই আছিল ৷
নিগনিবোৰে গজৰাজক প্রণাম জনাই ক’লে, “মহাৰাজ! ইয়াৰ পৰা অলপ দূৰতে আমি বাস কৰোঁ। আপোনালোকে পানী খাবলৈ অহা-যোৱা কৰা বাটত আমাৰ অসংখ্য গাঁত আছে। আপোনালোকৰ গচকত আমাৰ বহুতো নিগনিৰ মৃত্যু হৈছে। আমাক দয়া কৰক । আপোনালোকে আন এটা বাট বিচাৰি লওক। ভৱিষ্যতে আমিও আপোনালোকৰ উপকাৰ কৰিম।”
গজৰাজে নিগনিবোৰৰ কথা শুনিলে। সিদিনাৰ পৰা হাতীবোৰে আন বাটেৰে যাবলৈ ল’লে।
কিছুদিনৰ মূৰত সেই দেশৰ ৰজাই ফান্দীসকলক হাতী ধৰিবলৈ আদেশ দিলে। ফান্দীসকলে হাতীবোৰে পানী খাবলৈ যোৱা বাটটোতে ডাঙৰকৈ গাঁত খান্দি পানীৰে ভৰালে । ওপৰত ঘাঁহ-বন জাপি দিলে । হাতীৰ পালটো পানী খাবলৈ আহিল ৷ গজৰাজৰ লগতে আন দুটামান হাতী গাঁতত পৰিল। পিছদিনা ফান্দীহঁতে হাতীবোৰক প্ৰকাণ্ড ৰছী লগাই গাঁতৰ পৰা
উলিয়াই আনি ডাঙৰ ডাঙৰ কেইজোপামান গছত বান্ধিলে। সিদিনা ফান্দীহঁতে হাতীকেইটা তেনেদৰে বান্ধি থৈ গ'ল । ফান্দীহঁত আঁতৰি যোৱাত গজৰাজে কেনেকৈনো তাৰ পৰা মুক্তি পাব ভাবি থাকোতে নিগনিবোৰৰ কথা মনত পৰিল ৷
হাতীবন্ধা ঠাইডোখৰৰ ওচৰতে এজনী মাইকী হাতী ইফাল-সিফাল কৰি আছিল। তাই হাতীবোৰৰ খবৰ ল'বলৈ তালৈ আহিছিল । গজৰাজে ইংগিতেৰে তাইক ওচৰলৈ মাতিলে আৰু নিগনিবোৰক হাতীবোৰৰ বিপদৰ কথা জনাবলৈ ক'লে। মাইকী হাতীজনীয়ে লগে লগে গজৰাজৰ আজ্ঞা পালন কৰিলে ।
নিগনিবোৰে গজৰাজৰ বিপদৰ কথা গম পাই গজৰাজ আৰু বাকী হাতীকেইটাক বান্ধি থোৱা ৰছীবোৰ এফালৰ পৰা কুটিবলৈ ধৰিলে। এনেকৈয়ে হাতীকেইটা মুকলি হ'ল।

0 Comments