Slider

আপদ উদ্ধাৰ স্তৱ


গণেশায় নমঃ

মঙ্গলাচৰণম্


জয় জয় শিৱদুৰ্গা নমঃ অৱতাৰ।

যাঁহাৰ সেৱায় হয় জগৎ উদ্ধাৰ।।

এ হেন নিত্যবস্তু সদা সনাতন।

অজস্ৰ প্ৰণমি তাৰ যুগল চৰণ।।


গণেশৰ প্ৰণাম


অধিকাৰ প্ৰিয়পুত্ৰ দেব গজানন।

সিদ্ধিৰ নিমিত্তে পূজি তাহাৰ চৰণ।।

নমি পদে বাৰ বাৰ মঙ্গল দেৱতা।

বিঘ্ন নাশি সিদ্ধি দাও ওহে সিদ্ধিদাতা।।


শিৱৰ প্ৰণাম


নমস্তুভ্যং বিৰূপাক্ষং নমস্তে দিব্যচক্ষুষে।

নমঃ পিণাকহস্তায় বজ্ৰহস্তায় বৈ নমঃ।।

নমস্ত্ৰিশূলহস্তায় দণ্ডপাশাসিপাণয়ে।

নমস্ত্ৰৈলোক্যনাথায় ভূতানাং পতয়ে নমঃ।।


---আপদ উদ্ধাৰ স্তৱ---



নন্দী ও মহাকালৰ কথোপকথন


নন্দী আৰ মহাকাল হয়ে একত্রিত। 

সুমের পর্বতে গিয়া হন উপনীত ॥


সুমের পর্বতে উঠে করি আরোহণ। 

একত্রে বসিয়া করে সং আলাপন ॥


কহে নন্দী শ্রবণ করহে মহাকাল। 

একটি বৃত্তান্ত কহি শুনিবাৰে ভাল ॥


শিৱ-দুৰ্গা সমাচাৰ হইল যেমতে। 

তাহাৰ বৃত্তান্ত বলি তোমাৰ সাক্ষাতে ॥


একাগ্ৰ হৃদয়ে শুন পাৰিষদগণ।

 আপদুদ্ধাৰৰ কথা পাপ-বিনাশন ॥


শুন পাৰিষদগণ হয়ে একমন। 

নবগ্ৰহ কোপ হইতে এড়াইবে যেমনে ॥


মহাদেৱৰ নিকট পাৰ্বতীৰ প্ৰশ্ন


শিৱানীৰ সহিত সেই দেব মহেশ্বৰ। 

হৰ্ষিত চিত্তে গেল শৈলেশ-শিখৰ ॥


শৈলোপৰি পদ্মাসনে ৰচিয়া আসন। 

পদহস্তে ভগৱতী সেবিল চৰণ ॥


ৰঙ্গভাবে এক কথা জিজ্ঞাসে শিৱানী। 

একটি বৃত্তান্ত পুছি শুন শূলপাণি ॥


শনি আদি গ্ৰহগণ তোমাৰ সাক্ষাতে। 

ৰঙ্গচিত্তে কেলি কৰে সুমেৰ পৰ্বতে ॥


এইসব গ্ৰহদোষে ভোগে নৰগণ। 

কিৰূপে এড়াইবে কহ শুনি বিবৰণ ॥


হইয়াছে বাসনা শ্ৰৱণে মম অতি।

 বিস্তাৰ কৰিয়া বল দেব পশুপতি ॥


মহাদেৱ কৰ্তৃক পাৰ্বতীৰ প্ৰশ্ন

পূৰণ ও আপদুদ্ধাৰৰ স্তৱ এবং মাহাত্ম্য কথন


পাৰ্বতীৰ বাক্য শুনি বলে পশুপতি। 

শুন শুন তন্ত্ৰ তাৰ শুনহ পাৰ্বতী॥

 বলিব বৃত্তান্ত সব শুন দিয়া মন।

 শ্ৰৱণে কুশল হয় দুঃখ বিনাশন॥


অগ্ৰে এক ভক্ত মোৰ আছিল পিশলা।

 তাহাৰ বৃত্তান্ত শুন অভয়া মঙ্গলা॥ 

নানাবিধ মহাপাপ কৰিছে অপাৰ। 

কৈলাস পৰ্বতে পাপ হৈছে উদ্ধাৰ॥

 পশ্চাৎ সে পিশলা মোৰ সেবিল চৰণ। 

নিশ্চিতি পাইল পাপে তাহাৰ কাৰণ॥


গৌৰী কহে সেই কথা কহ প্ৰাণপতি। 

কোন কথা হেতু পায় পিশলা মুক্তি॥

 ভৱ কহে সেই কথা কৰ অৱধান।

 বলিব যে সব কথা তাহে দেহ মন॥


অষ্টোত্তৰ শতনাম (আমাৰ) আছে অনুপম।

 তাহাৰ কৃপায় পূৰ্ণ হয় মনস্কাম॥ 

নানাবিধ গ্ৰহপীড়া আছে ত্ৰিভুবনে।

 সমস্ত বিনষ্ট হয় যে নাম শ্ৰৱণে॥


ইহা শুনি গৌৰী বলে ওহে শূলপাণি।

 অষ্টোত্তৰ শতনাম বল প্ৰভু শুনি॥

 ভৱ কহে শ্ৰৱণ কৰহ মঙ্গলে। 

সুখে দুঃখে মম নাম জপিলে বিৰলে॥


না পাৰে জপিতে যদি শুনে শুদ্ধ কানে। 

সকল গ্ৰহৰ হস্ত এড়ায় শ্ৰৱণে॥


বিপদ সময়ে পড়ে এই শাস্ত্ৰ যেই। 

ধৰিয়া ত্ৰিশূল তাৰ বিপদ তাড়াই॥


তৃতীয় প্ৰহৰে শাস্ত্ৰ পড়ে যেই জন। 

অন্তৰ্যাতে তাৰ বিষ হৰি বিনাশন॥


সন্ধ্যাকালে শাস্ত্ৰ যেবা কৰয়ে অভ্যাস। 

অন্তৰ্যাতে বিপদ তাৰ কৰিহে বিনাশ॥


নিশিযোগে শাস্ত্ৰচৰ্চা যে কৰে গৃহেতে। 

দুঃখ কষ্ট যাহা আছে পালায় ত্বৰিতে॥


ভৱ মুখে এই বাক্য শুনিয়া ভবানী।

 আনন্দ-সাগৰে মগ্ন হ'ল তেখনি॥


সবিনয়ে জিজ্ঞাসেন পুনঃ ভগৱতী। 

যতেক তোমাৰ নাম কহ পশুপতি॥


শিৱ কহে মোৰ কথা শুনহ শিৱানী। 

অষ্টোত্তৰ শতনাম পবিত্ৰ কাহিনী॥


অষ্টোত্তৰ শতনাম যেইজপে উদয়।

 শ্ৰৱণে পালায় দূৰে যত গ্ৰহচয়॥


ত্ৰিপদী॥ বলেন শিৱানী শুন শূলপাণি। 

                ভাল নাম শুনিতে তোমাৰ॥


যে নাম শুনিলে ক্লেশ যায় চলে। 

             সংসাৰ সাগৰেতে নিস্তাৰ॥


বলে পশুপতি— শুন ভগৱতী।

          মম নামে গতি জান মনে॥


সে কাৰণ বলি শুন ওগো কালী। 

              শুন দেবী সাবধানে॥


পয়াৰ॥ প্ৰথমে সংসাৰে নাহি ছিল আবৰণ।

        জলময় ছিল সব ব্ৰহ্মাণ্ড ভুৱন॥

ত্ৰিপদী॥ আমা হতে ক্রমে ব্ৰহ্মাণ্ড ভুৱনে

                            সৃষ্টি হলো চৰাচৰ।


দেৱেন্দ্ৰ প্ৰভৃতি দেৱ দানৱ যতি।

ব্ৰহ্মা বিষ্ণু চন্দ্ৰ দিনকৰ॥


পয়াৰ॥ যাহাৰা আছে স্বৰ্গ-মৰ্ত্য ও পাতালে।

সকলে আমাকে স্মৰে হৃদয়-কমলে॥


শুনিয়া শিৱানী তেবে বলিল তখন।

বিধিমতে জানিলাম ওহে পশুপতি॥


অষ্টোত্তৰ শতনাম কহত আমাৰ।

আপদ বিপদ যাতে চলে যায় দূৰে॥


ভৱ কন মহাদেৱী কৰ অৱধান।

অষ্টোত্তৰ শতনাম বলি বিদ্যমান॥


দিকপতি মহাদেৱ পৃথিৱীৰ পতি।

ভূত-গতি ভূত-পতি আৰ শান্তমতি॥


শান্তিময় আৰ নাম হয় হৰিহৰ।

শিৱশঙ্কু কহে মোৰে আৰ দিগম্বৰ॥


দাতা ভোক্তা নাম মোৰ কৰ অৱধান।

দিনমণি মহীপাল আৰ অনুপম॥


ভৈৰৱগণেৰ প্ৰভু জানিবে শিৱানী।

আশুতোষ কৃপাসিন্ধু আৰ শূলপাণি॥


ভূতচক্ৰ ভূতপতি আৰ খগেশ্বৰ।

খেপা খ্যাতি নাম মোৰ খ্যাত চৰাচৰ॥


শ্ৰীভক্ত আমাৰ কহে কাল কালময়।

ত্ৰিশূলধাৰী নাম আৰ সদা দয়াময়॥

জগৎ পালন নাম বিষ্ণুৰ ভুৱন।

 ভৱনীৰ নাম এই অতি মনোৰম॥


অপৰ নাম গৌৰীৰূপ বলে সৰ্বজনে।

 কল্পজাত কল্পময় জানে ত্ৰিভুৱনে॥


কৃপাপথধাৰী কহে মোৰে জগৎ মাধৱে। 

সংসাৰনাশক নাম বিখ্যাত সংসাৰে॥


ৰমণী প্ৰসিদ্ধ হয় আৰ এক নাম।

 সৰ্বদেৱ অধিকাৰী সুন্দৰ সুঠাম॥


এযেক এক নাম অপৰ ত্ৰিপুৰাৰি।

 সকলোতে নাম লয় ত্ৰিজগৎ ভৰি॥


দীন দুখী বুলি মোৰ হয় এক নাম।

 আৰো কহে সবে মোৰে নবঘনশ্যাম॥


ব্যাঘ্ৰচৰ্ম পৰিধান কেহ কেহ বলে। 

বৃষভবাহন কেহ বলয়ে আমাৰ॥


বিষহাৰী মম নাম জানিবে শিৱানী।

 অপৰ নাম হয় মোৰ বিভু শূলপাণি॥


ত্ৰিশূলধাৰী নাম মোৰ বিদিত ভুৱন।

 অন্য নাম চণ্ডীশ্বৰ জ্ঞাত সৰ্বজন॥


যোগীশ্ৰেষ্ঠ বলে দেবী জানিবে আমাকে। 

যোগেশ্বৰ বলে মোৰে ব্ৰহ্মাণ্ডৰ লোকে॥


যমৰাজ, কাল, যম হয় মোৰ নাম।

 শৱ, মড়া মম নাম বিদিত ভুৱন॥


অন্য এক নাম দেবী ভোলানাথ কয়। 

অন্য নাম মহাকাল অপৰ অভয়॥


ভোলা নামে ডাকে মোৰে বিশ্বৰ মাজাৰে।

 নীলকণ্ঠ নাম মম খ্যাত চৰাচৰে॥


উমাপতি নাম মম জগৎ ঈশ্বৰ। 

নিজে হৰ হৈ আমি নাম গৌৰীবৰ॥


বাতৰূপী আমি হৈ জানিবে শিৱানী। 

তব স্বামী হৈ আমি তুমি দাক্ষায়ণী॥


ধূৰ্জটি অপৰ নাম খ্যাত চৰাচৰ।

 ব্ৰহ্মাণ্ডে বিখ্যাত নাম আমিহে ঈশ্বৰ॥


মঙ্গলাই কহেন প্ৰভু কৰি যে প্ৰণাম। 

শুনিলাম অষ্টোত্তৰ স্তৱ শতনাম॥


আৰ এক কথা বিভু নিবেদি চৰণে। 

পঞ্চম পাতকে সবে বাঁচিবে কেমনে॥


পঞ্চশূন্যা জন পাপ নিত্য উদয় হয়। 

কিৰূপে বাঁচিবে সবে কহ হে উপায়॥


ভৱ বলে তাৰ কথা শুনিছে মঙ্গলা। 

এ শাস্ত্ৰাধ্যয়নে সব পাপপাতে তৰিলা॥


চৌৰ্যভয় পাপ তাপ সব হয় দূৰ। 

জৰা ব্যাধি মৃত্যুভয় হয় সব দূৰ॥


গৃহদাহ পাপ যদি থাকয়ে চিত্ততে। 

তাহা হ'লে এই শাস্ত্ৰ পঢ়িবে গৃহেতে॥


এড়াবে সকল পাপ আছে যত যত। 

এ শাস্ত্ৰ পঢ়িবে যেবা হয় এক চিত্ত॥


ৰাজভয় থাকে যদি শত্ৰু আছে পাশে। 

প্ৰভাতে উঠিয়া শাস্ত্ৰ পঢ়িবে বিশেষে॥


ভাগ্যৰ নিমিত্তে কিম্বা সন্তান কাৰণ।

 গৃহমধ্যে শাস্ত্ৰ পূজা কৰ্তব্য কাৰণ॥


ফল পুষ্প ঘৃত আর সুগন্ধি চন্দনে। 

সপ্তদিন শাস্ত্ৰ পূজা কৰিবে বিধানে।। 

নাহি হবে কোন ভয় অমিৰ সংশয়। 

শনি ৰাহু কেতু গ্ৰহ এড়াবে নিশ্চয়।।


সংসাৰ মাজাৰে আছে ভয় আদি যত। 

চৰণ প্ৰহাৰে আমি কৰি সব হত।। 

তোমাকে কহিছোঁ প্ৰিয়ে কৰিয়া বিশেষ। 

শনি কেতু গ্ৰহৰিষ্ট কৰি তাৰ শেষ।।


আমি বেদ, আমি বিষ্ণু, আমি মহেশ্বৰ।

 আমি ৰাত্ৰি, আমি দিবা, চন্দ্ৰ পুৰন্দৰ।। 

আমি ব্ৰহ্মা, আমি বায়ু, আমি জ্যোতিষ্বৰ।

 স্বৰূপে সংসাৰ সৃষ্টি কৰিনু নিশ্চয়।।


আমি বৃক্ষ, আমি লতা, আমি পত্ৰ যত। 

আমি পশু, আমি পক্ষী, বিশ্বময় স্থিত।। 

আমি নদ, আমি নদী, স্ৰোতে বহে যত। 

স্ৰোতীৰূপে ছত্ৰ ধৰিলাম স্বৰ্গ মৰ্ত্য।।


দুৰ্ব্বলৰ বল দেবী আমিহে যে হওঁ।

 সংসাৰত যত দেখ নাহি আমা বই।। 

আমি যম আমি ধৰ্ম আমিই জিতমৃত্যু। 

সৃজন পালন আৰ সংসাৰৰ হেতু।।


আমি দেব, আমি দেবী, সংসাৰৰ সাৰ। 

ব্ৰহ্মাণ্ড আমাৰ ৰূপ নহে অন্য আৰ।। 

খগেশ্বৰ ৰূপে হওঁ বিষ্ণুৰ বাহন। 

হনুৰূপে খ্যাত আমি ৰাক্ষস কাৰণ।।


সুৰাসুৰ আদি আমি দেবলোক হওঁ। 

গন্ধৰ্ব কিন্নৰ যক্ষ ৰক্ষৰূপে ৰই।।


আমি স্বৰ্গ আমি মৰ্ত্য আমি ৰসাতল।

 সৰসী কানন আমি গহন জঙ্গল।।

 বায়ুৰূপে আমি মাত্ৰ সংসাৰেতে ৰই।

 নৰৰূপে নৰলোকে মিছা কথা কই।।


সৰ্বশাস্ত্ৰৰ মধ্যে শ্ৰেষ্ঠ এ শাস্ত্ৰ আমাৰ। 

পঢ়িলে শুনিলে হয় পাপৰ উদ্ধাৰ।।

 শিৱ বলে কথা মোৰ শুনিলে মঙ্গল।

 পঢ়িবে আমাৰ শাস্ত্ৰ বিপদৰ বেলা।।


জৰা ব্যাধি বিপদেতে পৰে যদি নৰ।

 পঢ়িবে আমাৰ শাস্ত্ৰ হৈবে একান্তৰ।।

 পঢ়য়ে এ শাস্ত্ৰ যদি একান্ত অন্তৰে। 

অথবা শুনিলে যায় ৰোগ শোক দূৰে।।


সত্য সত্য তিনিবাৰ কৰিনু তোমাকে। 

দুঃখ দূৰ হয় যদি না ছাড়ে আমাকে।।

 পুত্ৰ পৌত্ৰ দাৰা আদি পায় সেই জন। 

ৰত্ন মাণিক্য পায় বহুমূল্য ধন।।


অষ্টোত্তৰ শতনাম যেই জন লয়।

 তিল মাত্ৰ তাৰ পাপ দেহে নাহি ৰয়।। 

আপদ নাশিয়া তাৰ সম্পদ মিলয়। 

কহিনু মঙ্গল দেবী জানিবে নিশ্চয়।।


আৰ এক কথা বলি কৰ অৱধান।

 পঞ্চশূন্য পাপ আছে ইহাতে প্ৰধান।।

 কাঠাতে কৰিয়া বীজ যে জন বুনয়। 

আপোনাৰ অন্ন যেবা আপুনি বজায়।।

 এই পঞ্চশূন্য পাপ তাহাৰ প্ৰধান। 

যাৰ ঘৰে এই পাপ হয় অনুষ্ঠান।।

যে জন পঢ়িবে মোৰ শাস্ত্ৰ একমনে। 

পঞ্চশূন্য মহাপাপ খণ্ডিবে সঙ্ক্ষণে।। 

আপদ যতেক তাৰ খণ্ডিবে সকল।

 কহিনু তোমাৰে দেবী হইবে মঙ্গল।।


উমাপতি কহে কথা মঙ্গলা জানিল। 

নন্দী মহাকাল তাহা পৃথক কৰিল।। 

প্ৰথমে শুনিল কথা মঙ্গলা সুন্দৰী।

 হইল অতীব সুখ যত গ্ৰহে তৰি।।

 আৰ কত কত লোক তৰিল অপাৰ।

 মোৰ এই স্তৱ হয় আপদ উদ্ধাৰ।।

 পঢ়িলে শুনিলে হয় সৰ্ব পাপ দূৰ। 

অৰাতিৰ সৰ্ব দৰ্প হয় যাবে চুৰ।।


তোমাকে কহিনু দেবী বৃত্তান্ত ইহাৰ।

 নিশ্চয় কহিনু এই আপদ উদ্ধাৰ।। 

যেই নৰ পঢ়ে শাস্ত্ৰ মাসে একবাৰ।

 গ্ৰহ শনি তাৰ ঘৰে না কৰে সঞ্চাৰ।। 

মাসে দুইবাৰ শাস্ত্ৰ পঢ়ে যেবা নৰে।

 জন্ম হইবে তাৰ ক্ষত্ৰৰাজ ঘৰে।। 

মাসে তিনবাৰ যদি পঢ়ে একমনে। 

ৰাজলক্ষ্মী তাৰ ঘৰে বাঢ়ে দিনে দিনে।।


এত বলি নন্দী কহে শুন মহেশ্বৰ। 

অষ্টোত্তৰ শতনাম কহিনু বিস্তৰ।। 

ইহা পাঠ কিংবা কেহ শ্ৰৱণ কৰিলে। 

সকল পাতক সে যে তৰে অৱহেলে।।

 সৰ্বদুঃখ নিবাৰিত সে জনাৰ হয়। 

সৰ্ব যজ্ঞফল পায় সে জন নিশ্চয়।।

 এবাৰ ভক্তি কৰি যদি পাঠ কৰে।


পাতক তাহাৰে নাহি কোন কালে মৰে।।

 দুইবাৰ যেইজন কৰে অধ্যয়ন। 

জ্যোতিষ্ঠোম যজ্ঞফল কৰে উপাৰ্জন।। 

সকল কামনাসিদ্ধি এ শাস্ত্ৰ পঢ়িলে। 

ভক্তি কৰি নৰ যদি কৰ্ণে শ্ৰুতি কৰে।।

 শতেক জন্মৰ পাপ হয় বিমোচন।

 পবিত্ৰ তাহাৰ বংশ তাহাৰি কাৰণ।।


ধন ধান্য পুত্ৰ কন্যা দাৰা বন্ধু তাৰ। 

দিনে দিনে গৃহমধ্যে হয় যে বিস্তাৰ।।

 এ শাস্ত্ৰ পঢ়িলে হয় দুঃখ বিমোচন।

 দুঃস্বপ্ন তাহাৰ নাহি থাকে কদাচন।। 

এ শাস্ত্ৰ প্ৰসাদে মুক্তি পাইব পিশাচ। 

স্বৰ্গপুৰে দিল স্থান অভয়া মঙ্গল।।


কোটি কোটি গাভী দানে যে পুণ্য জনমে।

 সেই পুণ্য লভ হয় এ শাস্ত্ৰ পঠনে।। 

শতবাৰ গঙ্গাস্নানে যেই পুণ্য হয়।

 এ শাস্ত্ৰ পঢ়িলে তাহা জানিবে নিশ্চয়।। 

হৰ প্ৰতি দৃঢ়ভক্তি ৰাখে যেই জন। 

নিত্য ইহা কৰে পাঠ অথবা শ্ৰৱণ।।

 দশ জন্ম পাপ তাৰ সদ্য নাশ পায়। 

দেহ-অন্তে মুক্তি পায় কহিনু তোমায়।।


আৰো শোন মহাকাল হইয়ে একমন।

 মহাপাপে তৰে বক্তা শ্ৰোতা দুইজন।। 

জ্ঞানে বা অজ্ঞানে ইহা শ্ৰৱণ কৰিলে। 

দিব্যগতি সেইজন পায় অৱহেলে।। 

স্নানকালে এই শাস্ত্ৰ পঢ়ে যেই জন। 

প্ৰত্যক্ষ যে মহাপুণ্য সে কৰে অৰ্জ্জন।।

কপিলা শতেক দানে যেই পুণ্য হয়। 

সেই পুণ্য সেই জন লভয়ে নিশ্চয়।। 

পূজাকালে এই শাস্ত্ৰ পঢ়িলে ভক্তিতে।

 বেদপাঠ ফল পায় সে জন জগতে।।

 মন্ত্ৰহীন ক্রিয়াহীন যে জন দুর্মতি। 

এ শাস্ত্ৰ পঢ়িলে সেও পায় দিব্যগতি।।

 জ্ঞানাজ্ঞানে যেই পাপ হয় উপাৰ্জ্জন। 

এ শাস্ত্ৰ পঢ়িলে তাহা হয় বিনাশন।।

 শিৱালয়ে শিৱপাদে গিয়া ভক্তিভৰে।

অথবা ধীৰৰ গৃহে একান্ত অন্তৰে।। 

অষ্টোত্তৰ শতনাম কৰিলে কীৰ্ত্তন। 

অখিল পাতক তাৰ হয় বিনাশন।।


আৰ এক কথা বলি শুন মহাকাল।

 এ শাস্ত্ৰ যে জন পঢ়ে সংসাৰ মায়াৰ।। 

মুক্তি তাৰ কৰগত সদা সৰ্বক্ষণ।

 ৰাহু কেতু বিষ দূৰে কৰে পলায়ন।।

 কলিকালে এই শাস্ত্ৰ সবার প্ৰধান।

 ইহা ভিন্ন কিছুতেই নাহি পৰিত্ৰাণ।।

 যজ্ঞে দানে তপে তুষ্ট নহে মহেশ্বৰ। 

এ শাস্ত্ৰে পৰম তুষ্ট প্ৰভু দিগম্বৰ।।


এ শাস্ত্ৰ না জানে যাৰা সংসাৰ ভিতৰে। 

মহাপাপী বলে তাৰা খ্যাত চৰাচৰে।। 

যাৰ গৃহে এই শাস্ত্ৰ থাকে বিদ্যমান। 

তাৰ পূজা ল'ন সদা শিৱ ভগৱান।। 

কলি নাহি পৰে কভু তাহাৰ আগাৰে। 

এ হেতু পঢ়িবে ইহা ভক্তি-সহকাৰে।। 

সৰ্বফল পৰিপূৰ্ণ ইহাতেই হয়। 

কি কৰ শাস্ত্ৰৰ গুণ বলিবাৰ নয়।।

ব্ৰহ্মা আদি দেবগণ কৰিয়া কীৰ্ত্তন।

 পাইয়াছে শ্ৰেষ্ঠ পদ অমৰ ভুবন।। 

পুৰাণ ও বেদপাঠে যেই ফল হয়। 

এ শাস্ত্ৰ পঢ়িলে তাহা লভয়ে নিশ্চয়।।


প্ৰত্যহ প্ৰভাতে পঢ়ে যেই মহামতি। 

নষ্ট হয় দিনকৃত পাতক সংহতি।। 

শুদ্ধ হয়ে এই শাস্ত্ৰ কৰিয়া লিখন। 

বিপ্ৰ হস্তে যদি কেহ কৰে সমৰ্পণ।। 

চতুৰ্বৰ্গ ফল পায় সেই মহামতি। 

সন্দেহ নাহিক ইথে শিৱেৰ ভাৰতী।।


জগতৰ উপকাৰ হোৱাৰ কাৰণ।

 প্ৰকাশ হইল এই শাস্ত্ৰ মনোৰম।।

 শিৱমুখ-সম্ভূত এই শাস্ত্ৰ হয়। 

শ্ৰোতব্য ও পঠনীয় এ শাস্ত্ৰ নিশ্চয়।।

 ধৰ্ম, অৰ্থ, কাম, মোক্ষ ইহাৰ প্ৰসাদে।

 লভিতে পাৰয়ে লোক জানিবে জগতে।।


এইৰূপে দিব্যশাস্ত্ৰ কৰিয়া কীৰ্ত্তন।

 নন্দী মহাকাল দোঁহে কৰিল গমন।।

 আপদ উদ্ধাৰ হয় সৰ্বশাস্ত্ৰ সাৰ।

 নন্দী মহাকাল দোঁহা হইতে প্ৰচাৰ।।


—আপদ উদ্ধাৰ স্তৱ সম্পূৰ্ণ—

Post a Comment

0 Comments