Slider

এটা বলী মানুহ

 




সন্ধান কৰক

বুঢ়ী আইৰ সাধু/এটা বলী মানুহ 

ভাষা


PDF ডাউনল'ড কৰক


চকু ৰাখক


সম্পাদনা


< বুঢ়ী আইৰ সাধু







←এটা শিঙৰা মাছৰ কথাধু

বুঢ়ী আইৰ সাধু (১৯১২)

লেখক: লক্ষ্মীনাথ বেজবৰুৱা

চিলনীৰ জীয়েকৰ সাধু→

​

এটা বলী মানুহ

 এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল। সিহঁত দুয়োৰো উপদ্ৰৱত মানুহে তৎমৎ এৰিছিল। বহুত যত্ন কৰিও ​

ৰজাই সেই বাঘ আৰু হাতী মাৰিব নোৱাৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে যেয়ে এই হাতী আৰু বাঘটো মাৰিব পাৰিব তাক বহুত পুৰস্কাৰ দিয়া হব। এই কথা শুনি বহুত মানুহে বাঘ আৰু হাতী মাৰিবলৈ যত্ন কৰিবলৈ ধৰিলে কিন্তু মাৰিব নোৱাৰিলে। দৈবাৎ এদিন এটা মানুহে মনৰ দুখত বিহ খাই মৰোঁগৈ বুলি কিছুমান পিঠাগুড়িৰ লগত বিষ সানি লৈ সেই ৰাজ্যৰ ফালে যাওঁতে এজোপা গছৰ তলত সেই টোপোলাটো থৈ ওচৰৰে নৈ এখনত পানী খাবলৈ গৈছিল। সেই সময়ত দুষ্ট হাতীটোৱে আহি সেই পিঠাগুড়িবোৰ খাই পেলালে। যেতিয়াই বিহ-সনা পিঠাগুড়িবোৰ খালে, তেতিয়াই গাত বিষ লাগি হাতীটো মৰি থাকিল। এই কথা ৰজাই খবৰ পাই হাতীটো কোনে মাৰিলে বুলি বিচাৰ কৰোৱাত সেই বিষ অনা মানুহটোক ৰজাৰ ওচৰলৈ লৈ যোৱা হ’ল। সি কেনেকৈ হাতীটো মাৰিলে বুলি তাক ৰজাই সুধিলত সি কলে,—“মই হাতীটো একে ভুকুৱেই মাৰিলো।”

 ৰজাই বৰ সন্তোষ পাই তাক অনেক ধন দি ক’লে— “মোৰ ৰাজ্যত আৰু এটা বৰ দুষ্ট বাঘ আছে, যদি তই সেই বাঘটোও মাৰিব পাৰ তেন্তে তোক মই আৰু বহু ধন দিম।” সি কলে বোলে, “স্বৰ্গদেউ সেই বাঘটোও মই মাৰিব পাৰিম।” এইবুলি কোৱাত ৰজাই কলে,— “তই পৰহিলৈ বাঘটো মাৰিব লাগিব।” মানুহটোৱে শলাগি শলাগি আহি তাৰ থকা ঠাই পাই চিন্তা কৰিবলৈ ধৰিলে, —সি কেনেকৈ সেই বাঘটো মাৰিব পাৰে। যেতিয়া বাঘ মৰাৰ দিন পৰিলহি, সি কিছুমান ডোল আৰু এটা ঢেঁকীথোৰা লৈ ভয়-ভয়কৈ হাবিত সোমালগৈ। সেই হাবিত এজোপা ডাঙৰ গছ আছিল। সি গৈ সেই গছৰ ওপৰত ​উঠি “কে” “কে” “কা” “কা” বুলি মিছা মিছিকৈ গান গাই আছে আৰু চৰাইবিলাকে সেই গছজোপাৰ পাতে পাতে পৰি কোঢ়াল কৰি আছে। তাকে শুনি বাঘে সেই গছৰ ওচৰলৈ আহি মানুহটোক সুধিলে, “ককাই, তই চৰাইবিলাকক কি শিকাইছ?” সেই মানুহটোৱে কলে বোলে—“ভাই মই সিহঁতক গান শিকাইছো।” তেতিয়া বাঘে কলে, “ককাই, মোকো তেনেকুৱা গান শিকাব পাৰিবি জানো?” মানুহটোৱে কলে,—“তই হৈছ বাঘ, মই হৈছো নৰমনিচ, তই মোক খাবি নহয়?” তেতিয়া বাঘে কলে,— “মই সইত সইত তিনি সইত খাই কৈছোঁ, মই তোক নাখাওঁ। তই মোক তেনেকুৱা গান শিকা।” বাঘৰ কথা শুনি মানুহটোৱে গছৰপৰা নামি আহি বাঘৰ ঠেং চাৰিখন গোটাই খুবমতে বান্ধি পেলাই ঢেঁকীথোৰাটোৰে তাক মাৰিবলৈ ধৰিলে। মাৰত তৎ নেপাই বাঘে কলে,— “ককাই, মই আৰু গান নিশিকো, ​মোক এৰি দে।” মানুহটোৱে কলে,— “ভালকৈ শিক; নিশিকিবি? এইদৰে মাৰি থাকোতেই বাঘ মৰিল। সি সেই বাঘটো আনি ৰজাক দেখুৱাই দিলে। তেতয়া ৰজাই বৰ ৰং মনেৰে তাক কলে বোলে, “আজি তোমাৰ সৈতে যুঁজিবলৈ এটা বলী মানুহ আনি দিম, তুমি সেই মানুহটোক জিকিব পাৰা যদি তোমাক আৰু ধন-বস্তু দিম।” এইবুলি কৈ এটা বলী মানুহ আনি ৰাতি তাৰ লগত ৰজাই শুৱাই থলে। ৰাতি মানুহটোৱে বলী মানুহটোক কলে বোলে, “ভাই, মই একেটা ভুকুতে এটা হাতী মাৰিছোঁ আৰু এটা ডাঙৰ বাঘ মাৰিছোঁ, তই মোৰ লগত কেনেকৈ যুঁজ কৰিবি? তই এতিয়া ভৰ বয়সত মোৰ লগত যুঁজি মৰিবলৈ আহিছনে?” এইবুলি কোৱাত সেই মানুহটো ভয়ত ৰাতিয়েই পলাই গ’ল। পিচে পুৱা ৰজাৰ বলী মানুহটো ৰজাই বিচাৰি নাপাই বাঘ মৰা বলী মানুহটোক বহুত ধন-বস্তু দি বিদায় দিলে আৰু তেতিয়াৰ পৰা হাতী আৰু বাঘৰ উপদ্ৰৱ গুচি নিৰাপদে ৰাজ্য চলাবলৈ ধৰিলে। কঠালে পেলালে মুচি। মই আহিলো গুচি।

Gitartha.bordoloiৰ দ্বাৰা ২৫ দিন পূৰ্বে অন্তিম সংশোধন কৰা হৈছিল।



আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ।

গোপনীয়তা নীতি

 Code of Conduct

 উন্নয়নকাৰী

 পৰিসংখ্যা

 কুকিৰ বিবৃতি

 ব্যৱহাৰৰ নিয়মাৱলী

 ডেস্কটপ




Post a Comment

0 Comments