Slider

তিনিটা মাছৰ কাহিনী

 


তিনিটা মাছৰ কাহিনী

এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগতবিধাতা, প্রত্যুৎপন্নমতি আৰু যদ্‌ভবিষ্য নামৰ তিনিটা ডাঙৰ মাছে বহুদিন ধৰি একেলগে বাস কৰি আছিল। এদিন অনাগতবিধাতাই বিলত সাঁতুৰি-নাদুৰি থাকোঁতে সেই ফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে- "এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ পুরা আহি এই বিলত মাছ মাৰিব


লাগিব।” এইবুলি কৈ মাছমৰীয়াসকল ঘৰাঘৰি গুচি গ'ল। মাছমৰীয়াসকলৰ বজ্ৰসদৃশ কথাবোৰ অনাগতবিধাতাই ভালদৰে শুনি আছিল। তেওঁ সকলো মাছক লগে লগে মাতি আনি মাছমৰীয়াসকলে কৈ যোৱা কথাবোৰ বৰ্ণনা কৰি ক'লে "কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিঃশেষ কৰিব বুলি কোৱা সকলোরে নিশ্চয় শুনিছে। আমাক বিপদে হাত-বাউল দি মাতিছে। গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। বাতিয়েই আন ঠাইলৈ গুচি যাব লাগিব। কিয়নো দুর্বলীলোক সদায় বলীৰ পৰা আঁতৰত থাকে, অথবা আন সুৰক্ষিত স্থানত আশ্রয় লয়।"

অনাগতবিধাতাৰ কথা শুনি প্রত্যুৎপন্নমতিয়ে ক'লে-"আপুনি সঁচা কথাকেই কৈছে। ময়ো এই বিল এৰি অতি শীঘ্রে ওচৰত থকা আন খাল-বিললৈ যোৱাটোকেই উচিত হ'ব বুলি ভাবোঁ। কিয়নো, যাৰ জীয়াই থকাৰ উপায় থাকে, তেওঁ কিহৰ মোহত বিনাশ হ'ব? 'পিতৃ-পিতামহৰ কুঁৱা' বুলি ভবা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে।"


অনাগতবিধাতা আৰু প্রত্যুৎপন্নমতিৰ কথা শুনি উচ্চস্ববে হাঁহি যদ্‌ভবিষ্যই ক'লে-"তোমালোকে আলোচনা কৰা কথাবোৰ বৰ ভাল লগা নাই। যদি আয়ুস শেষ হয় তেনেহ'লে অন্য ঠাইলৈ গ'লেও মৃত্যু হ'বই। বনত বিসর্জন দি অহাজনো জীয়াই থাকে আৰু ঘৰত সুৰক্ষিতভাবে থকাজনবো বিনাশ হয়। আমাৰ সমাজত সাধাৰণতে কোৱা হয়-অসুৰক্ষিতজনকো দৈবই ৰক্ষা কৰে আৰু সুৰক্ষিত হৈ থকাজনকো দৈৱই বিনাশ করে; মই মুখৰ কথাতেই পিতৃ-পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ। গতিকে মই ক'লৈকো নাযাওঁ। তোমালোকে যি ভাল বুলি ভাবা তাকেই কৰা।"


যদ্ভবিষ্যৰ এনেকুৱা আঁকোৰ-গোঁজ মনোভাব দেখি তেওঁক এৰি অনাগতবিধাতা আৰু প্রত্যুৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰে সৈতে আন বিললৈ গুচি গ'ল। পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে। তেওঁলোকে জালেৰে মাছ মাৰি গোটেই বিলখন ঘোদালি পেলালে আৰু যদ্ভবিষ্যৰ লগতে থকা অন্যান্য মাছবোৰকো জালেৰে ধৰি ঘৰলৈ লৈ গ'ল।


"সাৱধানৰ মৰণ নাই।" বিপদ অহাৰ আগতেই সাৱধান হোৱা অনাগতবিধাতা আৰু প্রত্যুৎপন্নমতি সুখেৰে জীয়াই থাকিল, কিন্তু বিপদৰ কথা নাভাবি হাত সাবটি থকা যদ্ভবিষ্য বিনাশ হ'ল।

Post a Comment

0 Comments