বাপুৰাম আৰু নাগদেৱতা
বাপুৰাম নামৰ এজন বৰ দুখীয়া কৃষক আছিল । জহৰ দিনত এদিন বাপুৰামে ৰ'দৰ তাপত আতুৰ হৈ নিজৰ পথাৰতে থকা গছ এজোপাৰ ছাঁ-তে শুই পৰিল । ওচৰতে আছিল এটা উঁই- হাঁফলু। বাপুৰামে তাতে ফণাৰে সৈতে প্ৰকাণ্ড সাপ এডাল দেখি জাঁপ মাৰি উঠিল। সাপডালে কিন্তু ফণা নমোৱা নাই ৷ অচল-অটল সাপডালৰ তেনে ৰূপ দেখি বাপুৰামে ভাবিলে—“এওঁ নিশ্চয় পথাৰৰ দেৱতা৷ মই এওঁক পূজা নকৰাৰ বাবেই চাগৈ মোৰ কৃষি-কাৰ্য্যত উন্নতি হোৱা নাই । এওঁক মই পূজা কৰিব লাগিব ।”
এনেদৰে ভাবি বাপুৰামে এৱাঁ গাখীৰ অলপ ওচৰৰ এঘৰৰ পৰা খুজি আনিলে ৷ গাখীৰখিনি চৰু এটাত বাকি দি সাপডালৰ পিনে আগ বঢ়াই দি ক’লে, “হে প্রভু, তুমি ইয়াত থকাৰ কথা মইজনা নাছিলোঁ। সেয়ে পূজা কৰা নাছিলোঁ। মোক ক্ষমা কৰা।” তাৰ পিছত বাপুৰাম ঘৰলৈ উভতিল।
ৰাতিপুৱা বাপুৰামে পথাৰলৈ আহি সাপক গাখীৰ দিয়া চক্ৰটোত এটা সোণৰ মোহৰ দেখিলে। তেওঁৰ প্ৰাৰ্থনা সফল হোৱাত তেওঁ সেই দেৱতাক প্ৰণিপাত জনালে। এইদৰে তেওঁ নিতৌ আহি এৱাঁ গাখীৰ অকণ দিয়ে আৰু একোটাকৈ সোণৰ মোহৰ পায়। এইদৰে বাপুৰামৰ ভাগ্য মুকলি হ'ল । বাপুৰামৰ অৱস্থা ভাললৈ আহিল ৷
এদিন বাপুৰাম এক বিশেষ সকামত আন এখন গাঁৱলৈ যাবলগীয়া হ'ল। তেওঁ সেইদিনা সাপডালক গাখীৰ দিবলৈ পুতেকক কৈ ওলাই গ'ল। পিতাকৰ কথা মতে পুতেকেও গাখীৰখিনি দি থৈ আহিল ৷ পিছদিনা ৰাতিপুৱা পথাৰলৈ গৈ পুতেকে সোণৰ মোহৰ এটা পালে ৷ মোহৰটো পাই সি ভাবিলে—“নিশ্চয় এই উঁই-হাঁফলুটো সোণৰ মোহৰেৰে ভৰা । এই ৰখীয়া সাপডালক মাৰিব পাৰিলে গোটেইবোৰ মোহৰ মই নিব পাৰিম।” এইবুলি ভাবি বাপুৰামৰ পুতেকে সাপডালক টাঙোনেৰে মাৰ শোধালে। সাপডালে খঙত তাৰ চোকা বিষদাঁতেৰে ল'ৰাটোক এটা প্ৰচণ্ড খোঁট মাৰিলে । তৎক্ষণাৎ তাৰ প্ৰাণবায়ু উৰি গ'ল।
পিছদিনা বাপুৰামে ঘূৰি আহি পুতেকৰ মৃত্যু সংবাদ পাই হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। বাপুৰামে সেই দেৱতাক পুতেকৰ কুকৰ্মৰ বাবে ক্ষমা বিচাৰিলে ৷

0 Comments