নীলা শিয়ালৰ কাহিনী
এখন নগৰৰ কাষতে এখন হাবি আছিল । হাবিখনত চণ্ডৰৱ নামৰ এটা শিয়াল আছিল । এদিন নিশা সি আহাৰ বিচাৰি ঘূৰি-ফুৰি নগৰত সোমাল। নগৰত সোমোৱাৰ লগে লগে কুকুৰবোৰে তাৰ ফালে চোঁচা ল’লে। সি ভয়তে থৰ-কাছুটি হেৰুৱাই লৰ মাৰিলে। কুকুৰকেইটাৰ পৰা হাত সাৰিবলৈ চণ্ডৰৱে মানুহ এঘৰৰ পিছফালেৰে সোমাল । ঘৰটো আছিল এজন ধোবাৰ ঘৰ। ঘৰৰ পিছফালৰ বাৰাণ্ডাত পানী থোৱা এটা ডাঙৰ পাত্ৰত ধোবাই নীল মিহলাই থৈছিল । লৰৰ কোবত চণ্ডৰৱ সেই পাত্ৰটোতে পৰিলগৈ। কিছুপৰ পিছত কুকুৰবোৰ দিহাদিহি গুচি গ'ল । চণ্ডৰৱে কোনোমতে উঠি আহি হাবিত সোমাল ।
নীল মিহলোৱা পানীত পৰি চণ্ডৰৱৰ দেহটো ইতিমধ্যে নীলা হৈ পৰিছিল ৷ তাৰ সেই ৰূপ দেখি হাবিৰ জন্তুবোৰ ভয়তে পেঁপুৱা লাগিল । জন্তুবোৰে নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে— “এই আচৰিত জন্তুটো ক'ৰ পৰা আহিল ? এনেকুৱা জন্তু আমি কেতিয়াও দেখা নাই আৰু ক'ৰবাত থকা বুলিও শুনা নাই। ইয়াৰ কাম বা কি, বল বা কিমান আমি একো নাজানো । গতিকে আমি ইয়াৰ পৰা আঁতৰ হওঁ ব’লা ।”
শিয়ালটোৱে আন জন্তুবোৰে তাক দেখি ভয় কৰা বুলি জানি ক’বলৈ ধৰিলে—“হেৰা পশুগণ, তোমালোকে ভয় নকৰিবা। মই চণ্ডৰৱ। দেৱৰাজ ইন্দ্ৰই মোক তোমালোকৰ ৰজা পাতিছে। মোৰ আশ্ৰয়ত তোমালোকৰ একো ভয় নাই। মই তোমালোকক সদায় ৰক্ষা কৰিম। তোমালোকে কেৱল মোৰ সকলো আজ্ঞা পালন কৰিবা।”
চণ্ডৰৱৰ কথা শুনি সিংহ, ঢেঁকীয়াপতীয়া বাঘ, ফুটুকী বাঘ, বান্দৰ, শহা, হৰিণা, শিয়াল আদি সকলোৱে তাক প্ৰণাম জনাই ক’লে, “মহাৰাজ, আমি কি কৰিব লাগে আদেশ কৰক।”
চণ্ডৰৱে সিংহক মন্ত্ৰী, বাঘক প্ৰহৰী, হাতীক দুৱৰী আৰু বান্দৰক ছত্ৰধাৰী পাতিলে । সিংহ আদিয়ে জন্তু মাৰি আনি তাৰ আগত পেলাই দিয়ে। সিও সেইবোৰ ৰজাৰ দৰে ভোগ কৰে ৷
চণ্ডৰৱৰ ৰাজসভাত নিতৌ জন্তুবোৰে বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰে। এদিন চণ্ডৰৱে
এটা বান্দৰক হাবিত থকা গান গাব পৰা নতুন জন্তু-চৰাই কিছুমানক ৰাজসভালৈ আনিবলৈ ক’লে। কুলি, কেতেকী, মইনা, শালিকী আদি চৰায়ে সুন্দৰ গীত জুৰিলে। সেই গীতৰ তালে তালে বান্দৰ, হৰিণা, ভালুক আদিয়ে বাজনা বজালে, মাজে মাজে ফেঁচাৰ কুৰুলি ।
সেই অনুষ্ঠানলৈ গীত গাবলৈ এজাক শিয়ালো আহিছিল। প্ৰথমে আটাইকেইটা শিয়ালে ডাঙৰকৈ হোৱা দিলে। বহুদিনৰ মূৰত আপোনজনৰ মাত শুনি চণ্ডৰৱে আপোন-পাহৰা হৈ সিহঁতৰ লগত হোৱা হোৱাকৈ চিঞৰিবলৈ ধৰিলে।
চণ্ডৰৱৰ আচল ৰূপ দেখি সকলো জন্তুৱে এটা সামান্য শিয়ালৰ তলতীয়া হৈ থকাৰ লাজ- অপমান সহিব নোৱাৰি তাক পলাব খোজোঁতেই মাৰি পেলালে ,।

0 Comments