গাধ আৰু শিয়ালৰ সখিত্ব
এখন গাঁৱত এজন ধোবা আছিল। ধোবাজনে গাঁওখনৰ অলপ আঁতৰেৰে বৈ যোৱা নৈ এখনত সদায় কাপোৰ ধুইছিল। নৈখনলৈ কাপোৰ-কানিৰ টোপোলা অনা-নিয়াত কষ্ট হোৱাত তেওঁ এটা গাধ কিনিলে । গাধটোৰ নাম থ’লে লেৰেলা ৷
এদিন সন্ধিয়া লেৰেলা ওচৰতে থকা এডৰা সৰিয়হতলীত সোমাইছিল। সৰিয়হতলীতে সি এটা শিয়ালক লগ পালে। শিয়ালটোৰ লগত কথা-বতৰা পাতি ভাল পাই সি শিয়ালৰ লগত সখি পাতিলে। এনেদৰে নিতৌ ৰাতি লেৰেলা সৰিয়হতলীত উপস্থিত হৈ শিয়ালটোৰ লগত সুখ-দুখৰ কথা পাতি ৰাতিপুৱাৰ আগে আগে নিজ ঠাইলৈ উভতি যায় ৷
আন এদিন সন্ধিয়াৰ কথা। লেৰেলাই ক’লে, “সখি, মোৰ এটি গান গাবলৈ বৰ মন গৈছে।
মই এটি গান গাওঁ, তুমি শুনিবাদেই।” লেৰেলাৰ কথা শুনি শিয়ালটোৱে ক’লে, “তোমাৰ মাত এনেয়ে শুনিবলৈ বেয়া, তাতে আকৌ তুমি জেওৰা ভাঙি এই সৰিয়হতলীত সোমাইছা। গান গালেই গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব। গতিকে তুমি গান গোৱা উচিত নহ'ব।” শিয়ালটোৰ কথা শুনি লেৰেলাই বিৰক্তিৰে ক’লে, “তুমি হ'লা গাঁতত থকা প্ৰাণী। তুমি সংগীতৰ মোল কি বুজিবা । মই আজি গান এটা গামেই গাম।” তাকে শুনি শিয়ালটোৱে ক'লে, “স্থান-কালৰ চিন্তা নকৰি যিয়ে কাম কৰে সি বিপদত পৰাৰ সম্ভাৱনাই অধিক।”
শিয়ালৰ বুজনিয়ে কাম নিদিলে। সি শিয়ালক ক’লে, “তুমি যিয়েই নোকোৱা, মই এতিয়া গান গাবলৈ আৰম্ভ কৰোঁৱেই। তোমাৰ মন আছে যদি শুনিবা, নাই যদি নুশুনিবা।” লেৰেলাৰ কথা শুনি শিয়ালটোৱে ক’লে, “তেন্তে ৰ’বা, মই জেওৰাৰ বাহিৰলৈ ওলাই যাওঁ, তাৰ পাছত তুমি গাবা।” এনেদৰে কৈ শিয়াল জেওৰাৰ বাহিৰ ওলাল আৰু লেৰেলাই তাৰ হুঁটা মাতটোৰে গান গাবলৈ আৰম্ভ কৰিলে ।
নিশাৰ নিস্তব্ধতাত লেৰেলাৰ মাত সৰিয়হতলীৰ গৃহস্থয়ো শুনিলে । কিহেনো সৰিয়হতলীত শব্দ কৰে বুলি লাঠি-টাঙোন লৈ খেদি আহিল৷ ইফালে লেৰেলাই চকু মুদি আপোনমনে গান
গাই আছে। গৃহস্থই তাক বান্ধি পেলালে আৰু খঙতে গায়ে-মূৰে কোবাবলৈ ধৰিলে। শেষত কোবাই কোবাই খং কমাত গৃহস্থই লেৰেলাক এৰি দিলে। কোনোমতে লেঙেৰাই লেঙেৰাই লেৰেলা ঘৰমুৱা হ'ল। বাটত ৰৈ থকা তাৰ সখিয়েক শিয়ালটোৱে লেৰেলাক ক’লে, “বাৰে বাৰে বুজনি দিয়াৰ পাছতো তুমি মোৰ বুজনি নামানিলা, সেয়ে আজি তোমাৰ এই দশা হ’ল।” তেতিয়া অনুতপ্ত লেৰেলাই কেঁকাই কেঁকাই ক'লে, “হয় সখি, নভবা-নিচিন্তাকৈ কাম কৰিলে কি দশা হয় আজিহে বুজিলোঁ।”

0 Comments