Slider

বাঘৰ ছাল পিন্ধা গাধ


 

বাঘৰ ছাল পিন্ধা গাধ 

এখন গাঁৱত কুন্তক নামৰ এজন ধোবা আছিল। কুন্তকৰ মন্দৰ নামেৰে এটা পোহনীয়া গাধ আছিল। কুন্তকে সদায় ধুবলগীয়া কাপোৰবোৰ মন্দৰৰ পিঠিত তুলি নৈৰ পাৰলৈ নিয়ে । কানি- কাপোৰবোৰ ধুই-পখালি পুনৰ মন্দৰৰ পিঠিত তুলি ঘৰলৈ আনে। কুন্তকে কাপোৰ ধোৱা সময়খিনিত মন্দৰে ওচৰতে ঘূৰি-ফুৰি ঘাঁহ খায়। কিন্তু তাৰ পেট হ’লে নভৰে ৷

এনেদৰে বহুদিন গ'ল। এদিন মন্দৰে তাৰ গৰাকীক ক’লে, “মই বৰ দুৰ্বল হৈ পৰিছোঁ । মোক ভালকৈ খাদ্যৰ যোগান ধৰক, নহ'লে মই সোনকালে পেটৰ ভোকত মৰিব লাগিব। এনেদৰে মই আৰু বোজা কঢ়িয়াব নোৱাৰিম।” মন্দৰৰ কথা শুনি কুন্তকে তাক খেৰ দুকোছামান খাবলৈ দি ওলাই গ'ল। কিছুদূৰ গৈ মহাজনৰ ধাননিডৰাত কুন্তকৰ চকু পৰিল । সি ভাবিলে কেনেবাকৈ মন্দৰক ইয়াত সুমুৱাই দিব পাৰিলে সি পেট পূৰাই খাব পাৰিলেহেঁতেন। কিন্তু মহাজনে খেতিডৰা ৰাতি ৰখিবলৈ কেইবাজনো লগুৱা ৰাখিছে। মন্দৰ আহি ইয়াত সোমালে তাক কোবাই মাৰিব ।

ৰাতি পুৱালত কুন্তকে মন্দৰক ক’লে, “মন্দৰ, ব’ল নৈৰ পাৰলৈ যাওঁ। তাতেই তোক হাবিৰ পৰা ঘাঁহ অলপ আনি খুৱাম।” ঘাঁহ খোৱাৰ আশাত মন্দৰ কুন্তকৰ পিছে পিছে নৈৰ পাৰ পালেগৈ । তাৰ পিছত দুয়ো এখোজ-দুখোজকৈ হাবিত সোমাল । মন্দৰে ঘাঁহ একোছা খাবলৈ মুখ মেলোঁতেই ক'ৰবাৰ পৰা বাঘৰ মাত শুনি দুয়ো ভিৰাই লৰ মাৰিলে । তেনেতে কুন্তকে মন কৰিলে যে নৈখনৰ পৰা অলপ দূৰৈত এটা মৰা বাঘ পৰি আছে। বাঘটোৰ গাৰ মঙহ, নাৰী- ভুৰুবোৰ শগুন-চিলনী, শিয়াল আদিয়ে খাই ইতিমধ্যে শেষ কৰিছেই। মৰা বাঘটোৰ মূৰটো ছালখনেৰে সৈতে তাত শুকাবলৈ ধৰিছে। কুন্তকৰ মনত এটা বুদ্ধি খেলালে । সি বাঘৰ ছালখন এৰুৱাই লগত লৈ আহিল ৷

কিছু সময় পিছত গধূলি হ'ল। মন্দৰ শুই আছিল । কুন্তকে শুই থকা মন্দৰক ক’লে, “মন্দৰ উঠ।” এইবুলি বাঘৰ ছালখন মন্দৰক পিন্ধাই দিলে আৰু ক’লে, “তই এইদৰে গৈ মহাজনৰ ধাননিপথাৰত সোমাবি। তাত পহৰা দি থকা লগুৱাবোৰে তোক বাঘ বুলি ভাবি পলাই পত্ৰং দিব। সেই সুযোগতে তই ইচ্ছামতে পেট পূৰাই খাবি। কিন্তু তই এবাৰো মাত নামাতিবি।” কথামতে কাম। মহাজনৰ লগুৱাকেইটাই মন্দৰক দেখি— “বাঘ ঐ ! খালে ঐ!” বুলি পলাই ফাট মাৰিলে। মন্দৰে সেই সুযোগতে ধানবোৰ খোৱাত লাগিল । এইদৰে বহুত দিন গ'ল ।

এদিনৰ কথা । মহাজনৰ পথাৰত মন্দৰে ধান খাই আছে। তেনেতে ক'ৰবাৰ পৰা সি আন

কোনো এটা গাধৰ মাত শুনিলে। নিজৰ জাতিৰ জন্তু এটাৰ মাত শুনি সি উলাহতে ডাঙৰকৈ চিঞৰি কে’বাবাৰো মাতিলে। ধাননিপথাৰত গাধৰ মাত শুনি লগুৱাবোৰ দৌৰি আহিল আৰু মন্দৰক ধৰি শাস্তি দিলে।

Post a Comment

0 Comments