শহাৰ বুদ্ধি, হাতীৰ পৰাজয়
দণ্ডক নামৰ অৰণ্য এখনত বহুতো জীৱ-জন্তুৱে শান্তিৰে বসবাস কৰিছিল। এবাৰ বতৰ বৰ খৰাং হ'ল। কেইবামাহো ধৰি বৰষুণ নিদিয়াত অৰণ্যৰ জান- জুৰিবোৰ শুকাই যাবলৈ ধৰিলে। দিনৰ দিনটো সূৰ্য্য দেৱতাই খাওঁ খাওঁ মূৰ্তি ধৰি থাকে। পানীৰ অভাৱত জীৱ-জন্তুবোৰৰ অৱস্থা বেয়া হৈ পৰিল। পিয়াহত আতুৰ হৈয়ে সিহঁতে সময় পাৰ কৰিবলৈ ধৰিলে ।
সেই অৰণ্যখনতে গজানন্দ নামৰ হাতী এটাই বংশ-পৰিয়ালৰ সৈতে বাস কৰি আছিল। গজানন্দ আছিল হাতীৰ পালটোৰ মুখিয়াল। এদিন হাতীবোৰে এখন সভা পাতিলে। সভাত গজানন্দই অইন হাতীবোৰৰ আগত বক্তৃতা দি ক'লে, “হেৰা, তোমালোকে সদায়ে দেখি আছা নহয়— মানুহ নামৰ প্ৰাণীবিধে জধে-মধে গছ-গছনিবোৰ কটাৰ বাবেই বৰষুণ নোহোৱা হৈছে আৰু আমি বিপদত পৰিছোঁ। আমাৰ থকা ঠাইৰো অভাৱ হৈছে। শুনিবলৈ পাইছোঁ আমাৰ লগৰে কোনো
কোনোৱে বোলে ওচৰতে থকা মানুহৰ ধাননি পথাৰতো নামিছে। এয়া কিন্তু বেয়া কথা। এনে কৰিলে খেতিয়কসকলৰ সকলো কষ্ট অথলে যাব। তেতিয়া সমস্যা বাঢ়িবহে। আৰু এটা কথা। মই গম পাইছোঁ যে আমাৰ এইখন হাবিৰ পৰা কিছু দূৰৈত আন এখন হাবি আছে। তাত বোলে এটা দ জলাশয়ো আছে। আমি তালৈ যোৱাহে উচিত হ'ব। নহ'লে পানী খাবলৈ নাপাই আমি সকলো মৰিব লাগিব।”
গজানন্দৰ কথা মতেই হাতীৰ পালটোৱে জলাশয়টো বিচাৰি ওলাল। বহু দূৰ বাট যোৱাৰ পাছত সিহঁতে জলাশয়টো পালেগৈ। তাত সিহঁতে সেইদিনা হেঁপাহ
পলুৱাই পানী খালে, গা ধুলে। পানী নোহোৱা হাবিখনৰ পৰা হাতীৰ পালটো এনেকৈয়ে অহা-যোৱা কৰি থাকিল। সদায়ে পুৱা সিহঁত জলাশয়টোলৈ যায়, দিনটো তাতে থাকে, গধূলি পুনৰ ঘূৰি আহে। হাতীৰ পালটো জলাশয়টোলৈ অহা-যোৱা কৰা সেই বাটৰ দাঁতিতে আছিল এখন শহাৰ গাঁও। শহাবোৰে তাতে গাঁত খান্দি বাস কৰিছিল। গাঁওখনৰ মাজেদি হাতীৰ পালটো তেনেকৈ অহা-যোৱা কৰাত শহাবোৰৰ অথন্তৰ ঘটিল। হাতীৰ গচকত শহাৰ কেইবাটাও গাঁত পোত গ'ল।
হাতীৰ গচকৰ পৰা হাত সাৰিব কেনেকৈ পাৰি—সেই বিষয়ে আলোচনা কৰিবলৈ এইবাৰ শহাই মেল মাতিলে। তীখৰ নামৰ শহাটো আছিল মেলৰ সভাপতি। তীখৰে হাতীক বাধা দিবলৈ বুদ্ধিৰ জাল পেলালে।
পাছদিনা গজানন্দৰ সৈতে হাতীৰ পালটো সেই পথেদি আহোঁতে তীখৰে এটা শিলৰ ওপৰত বহি মাত লগালে, “গজানন্দ মহাশয়। নমস্কাৰ।” কাৰোবাৰ মাত শুনি গজানন্দই মূৰ তুলি চালে। তেনেকৈ সম্বোধন কৰাত গজানন্দৰ ভালো লাগিল। সি গহীনাই সুধিলে, “তুমি কোন?” তীখৰে ক’লে, “মহাশয়, মই জোনৰ দূত।” গজানন্দই লাহেকৈ সুধিলে, “জোনৰ দূত ... ?”
“হয়, মহাশয়, মই জোনৰ দূতে কৈছোঁ।”—তীখৰে ক'লে।
“ইয়ালৈ কিয় আহিছা?” গজানন্দই পুনৰ সুধিলে।
“জোনে মোক আপোনাৰ ওচৰলৈ পঠাইছে।”
“কিয় ?”—গজানন্দই একপ্ৰকাৰ চিঞৰি উঠিল। শহাই তৎক্ষণাৎ উত্তৰ দিলে, “জোন আপোনালোকৰ ওপৰত অসন্তুষ্ট হৈছে, মহাশয়। যোৱা কেইবাদিনো ধৰি আপুনি আৰু আপোনাৰ সহচৰসকলে হেনো আমাৰ জোন মহাৰাজৰ শান্তি বিঘ্নিত কৰিছে। আপোনালোকে পানী খোৱা জলাশয়টোতে আমাৰ মহাৰাজে শয়ন কৰে। তেওঁ কৈছে—যদি পুনৰ তেওঁৰ শান্তিত আপোনালোকে বিঘিনি ঘটায়, তেন্তে তেওঁ পোহৰ দিয়া বন্ধ কৰি দিব। ফলত সকলোৰে বিপদ হ'ব।”
কথা শুনি গজানন্দই বৰ ভয় খালে। কি ঘটনা ঘটিছে এইবোৰ! গজানন্দই তীখৰক উদ্দেশ্য কৰি ক’লে, “তেনেহলে এতিয়া মই কি কৰোঁ? তুমিয়েই মোক এটা উপায় দিয়াচোন।”
তাকে শুনি তীখৰে শিলৰ মাজৰ পৰা ওলাই আহি গজানন্দক জলাশয়টোৰ পানী-যুঁৱলিলৈ লৈ গ'ল। তেতিয়া আন্ধাৰ হৈছিল। জলাশয়ৰ পানীত জিলিকি থকা জোনৰ প্ৰতিচ্ছবিটো গজানন্দক দেখুৱাই ক’লে, “চাওক, মহাৰাজ এতিয়া টোপনিত।” গজানন্দই নিজৰ ভুলৰ বাবে জোনৰ ওচৰত ক্ষমা খুজিবলৈ বুলি
শুঁৰেৰে পানী স্পৰ্শ কৰাৰ লগে লগে পানীৰ ঢৌত জোনৰ প্ৰতিচ্ছবিটো নাচিবলৈ ধৰিলে। তেতিয়া তীখৰে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে—“কথা বিষম। মহাৰাজৰ ভীষণ খং উঠিছে। খঙতে তেওঁ লম্ফ-জম্ফ কৰিবলৈ ধৰিছে। এতিয়াই তেওঁ পোহৰ দিয়া বন্ধ কৰি দিব।”
গজানন্দ উপায়হীন হৈ পৰিল। ভয়ত সি ক'বলৈ ধৰিলে—
“আজিৰ পৰা ইয়ালৈ আৰু কেতিয়াও নাহোঁ, মহাৰাজ। আমাক ক্ষমা
কৰিব। আপোনাৰ শান্তি আমি কেতিয়াও বিঘ্নিত নকৰোঁ।”

0 Comments