Slider

বাঘ আৰু পুৰোহিত

 


বাঘ আৰু পুৰোহিত

ৰাতি পুৱাওঁ পুৱাওঁ হৈছে। পুৰোহিত এজন এখন হাবিৰ এটা লুংলুঙীয়া

বাটেৰে ঘৰলৈ বুলি গৈ আছে। পোহৰ ভালকৈ হোৱাই নাই।

ক'ৰবাৰ পৰা হঠাৎ এটা বাঘ আহি পুৰোহিতৰ সন্মুখতে ওলাল। বাঘটো দেখি পুৰোহিতে বৰ ভয় খালে। কিন্তু ভয়ৰ ভাব তাক নেদেখুৱাই তেওঁ কোবা কুবিকৈ আগলৈ খোজ পেলালে।

বাঘটোৱে পুৰোহিতক আচৰিত কৰি মাত লগালে, “ককা! ক'ৰ পৰা আহিলা?” অঃ বাঘে দেখোন মোক মাতে! বাঘৰ মাত শুনি পুৰোহিতৰ ভয়ৰ ভাবটো অলপ কমিল যদিও ভয়ে ভয়ে ক'লে, “এ নক’বি দে, মই এখন বিয়া পাতি থৈ আহিলোঁ।” বাঘে ক’লে, “বিয়া? বিয়া মানে কি ককা?” পুৰোহিতে ক’লে, “এহাল ডেকা-গাভৰুক উপযুক্ত বয়সত ঘৰ পাতি দিয়া হয়, সেয়ে বিয়া।”

পুৰোহিতৰ কথা শুনি বাঘে ক’লে, “বাঃ ইমান বঢ়িয়া। ময়োচোন বিয়া পাতিব পাৰোঁ ককা, মোৰো বিয়া পাতি দিবানে?” বাঘৰ পৰা হাত সাৰিবলৈ

পুৰোহিতে ক’লে, “হ’ব বাৰু, মই তোৰ বিয়াখন পাতি দিম; কিন্তু আজি নহয়। আজি বৰ ভাগৰ লাগিছে, ঘৰলৈ যাওঁগৈ৷”

এনেদৰে কৈ পুৰোহিত গৈ ঘৰ পালে। ঘৰ সোমাবলৈ লৈ পুৰোহিতে পিছলৈ ঘূৰি চালে। বাঘটোও দেখোন তেওঁৰ পিছে পিছে আহি ঘৰ পালেহি। বাঘটোক দেখি তেওঁৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। “অস, তই আকৌ কিয় আহিলি ?”- পুৰোহিতে সুধিলে। “মোৰ বিয়াখন কেতিয়ালৈ পাতিবা?”—বাঘে ক’লে। পুৰোহিতে অলপ চিন্তা কৰি ক’লে, “অহা মঙলবাৰলৈ আহিবি, এতিয়া তই যা।” পুৰোহিতৰ সমিধান পাই আনন্দ মনেৰে বাঘ বনলৈ উভতি গ'ল।

ইফালে ভয়ত ৰাতি পুৰোহিতৰ টোপনি নহা হ'ল। মঙলবাৰে বাঘকনো

তেওঁ কি বুলি ক’ব! এদিন-দুদিনকৈ মঙলবাৰ আহি পালে। বাঘ আহি পাবই এতিয়া। পুৰোহিতে ভাবি ভাবি এটা বুধি বিচাৰি পালে। তেওঁ ঘৈণীয়েকক মাতি আনি ক’লে, “আজি বাঘ আহিলে মোৰ টান নৰিয়া বুলি ক'বা আৰু পাছৰটো মঙলবাৰলৈ আহিবলৈ ক’বা।”

ক...কা! বাঘ আহি পদূলিমুখ পালেহিয়েই। পুৰোহিতে ঘৈণীয়েকক লৰালৰিকৈ বাঘৰ ওচৰলৈ পঠিয়ালে। ঘৈণীয়েকে পুৰোহিতে কোৱা কথাখিনি বাঘক ক'লে। বাঘে বিয়াৰ আশা পাছৰ মঙলবাৰলৈ মনতে সাঁচি সেমেনা-সেমেনিকৈ উভতি গ'ল। এইবাৰলৈ পুৰোহিত কোনোমতে সাৰিল। পাছে বাঘৰ পৰা

চিৰকাললৈ হাত সাৰেনো কেনেকৈ? তেওঁ উপায়হীন হৈ গঞা ৰাইজৰ স'তে

কথাটো আলোচনা কৰিলে।

এদিন মঙলবাৰটো আহি পালে। ফল-মূল, মিঠাই আদি লৈ বাঘ আহি পুৰোহিতৰ ঘৰত উপস্থিত হ'ল। বাঘে পুৰোহিতক সুধিলে, “ককা, মোৰ বিয়াৰ দিন ঠিক কৰিলানে?” পুৰোহিতে ক’লে, “অঁ, কাইলৈয়ে তোৰ বিয়াখন পাতিম। এতিয়া তই, সৌ গড়ালটো যে দেখিছ তাতে সোমাই থাক। আজি তোৰ অধিবাস। তাতে নিয়ম-নীতি কৰি কাইলৈ তোৰ বিয়া পাতিম।” এইবুলি কোৱাৰ লগে লগে আনন্দ মনেৰে বাঘ গৈ নিজে নিজেই গড়ালত সোমালগৈ। পুৰোহিতে লগে লগে গড়ালৰ দুৱাৰখন জপাই দিলে। বাঘটো গড়ালত বন্দী কৰিলে। গঞা ৰাইজৰ লগ লাগি

পুৰোহিতে কলৰ ভূৰ এখন সাজিলে। তাৰ পাছত গড়ালৰে সৈতে বাঘটো নদীত উটুৱাই দিলে।

বাঘটো নাখাই-নবই বহুদিন ধৰি উটি উটি গৈ ভোকে-পিয়াহে এটা সময়ত অচেতন হৈ পৰিল। এনে সময়তে নদীৰ পানী খাবলৈ আহি এজনী বাঘিনীয়ে নদীখনত কিবা এটা উটি অহা দেখিলে। তাই ওচৰলৈ গ'ল আৰু দেখিলে এটা ধুনীয়া বাঘ গড়ালৰে সৈতে উটি আহি আছে। তাই গড়ালটো টানি টানি পাৰলৈ তুলিলে। বাঘটোলৈ তাইৰ বৰ মৰম লাগিল। অচেতন হৈ থকা বাঘটোৱে তেতিয়া সামান্য চেতনা ঘূৰাই পালে। চকু মেলি সন্মুখত ধুনীয়া বাঘিনীজনী দেখি আনন্দিত হ'ল। বাঘে ভাবিলে—পুৰোহিতে নিশ্চয় এই ধুনীয়া বাঘিনীজনীৰ লগতেই মোৰ বিয়া পাতি দিছে!

এদিন বাঘ-বাঘিনী দুয়ো পুৰোহিতৰ ঘৰ পালেগৈ। পুৰোহিতৰ ঘৰ পাই দুয়ো মাত লগালে, “ক...কা! ক...কা!” বাঘৰ মাত শুনি পুৰোহিতৰ ভয়ত তত

হেৰাল। কিন্তু বাঘৰ মুখৰ পৰা সিহঁতৰ বিয়া হোৱাৰ কথা শুনি ভাল পালে। সিহঁতক খুৱাই-বুৱাই আশীর্বাদ দি বিদায় দিলে। বাঘ-বাঘিনী হাবিলৈ উভতি গ'ল । দুয়ো সুখেৰে থাকিল।

Post a Comment

0 Comments