হৰ হৰ মহাদেৱ! 🕉️ শিৱ পুৰাণ কথাৰ এই ধাৰাবাহিকলৈ আপোনালোকক স্বাগতম। শিৱ পুৰাণক সাতখন সংহিতা আৰু এঘাৰটা খণ্ডত বিভক্ত কৰা হৈছে। এইসমূহ বিভিন্ন খণ্ডত ভাগ কৰি আপোনালোকৰ আগত ক্ৰমে উপস্থাপন কৰা হ’ব।
বৰ্তমান এই খণ্ডত আমি শুনিম— শিৱ মহাপুৰাণৰ মাহাত্ম্যৰ ষষ্ঠ অধ্যায় ইয়াত শিৱপুৰাণ শ্ৰৱণ কৰাৰ বিধি আৰু তাৰ পিছত ইয়াৰ মাহাত্ম্য তথা ধৰ্মীয় বিষয়সমূহৰ বৰ্ণনা
মহাশিৱপুৰাণ — ষষ্ঠ অধ্যায়
শিৱপুৰাণ শ্ৰৱণৰ বিধি
সূতজীয়ে ক’লে— “হে শৌনক মুনিবৰ! আপুনি জ্ঞানী আৰু শিৱভক্তসকলৰ মাজত শ্ৰেষ্ঠ। আমাৰ প্ৰতি কৃপা কৰি শিৱপুৰাণ শ্ৰৱণৰ এনে বিধি আমাক কওক, যাৰ দ্বাৰা সকলো শ্ৰোতাই সম্পূৰ্ণ আৰু উত্তম ফল লাভ কৰিব পাৰে।”
সূতজীয়ে ক’লে— “হে মুনিবৰ শৌনক! তোমালোকে সম্পূৰ্ণ ফল লাভ কৰাৰ উদ্দেশ্যে মই শিৱপুৰাণ শ্ৰৱণৰ বিধি বিস্তৃতভাৱে বৰ্ণনা কৰিছোঁ।
সৰ্বপ্ৰথমে কোনো জ্যোতিষীক আমন্ত্ৰণ কৰি তেওঁক দান-দক্ষিণাৰে সন্তুষ্ট কৰিব লাগে আৰু তেওঁৰ দ্বাৰা শিৱপুৰাণ কথাৰ শুভ মুহূৰ্ত নিৰ্ণয় কৰাব লাগে। তাৰ পিছত সকলো লোকক এই কথা জনাব লাগে যে আমাৰ ইয়াত শিৱপুৰাণৰ পৱিত্ৰ কথা অনুষ্ঠিত হ’ব। যিসকলে নিজৰ কল্যাণ কামনা কৰে, তেওঁলোকে এই কথা শুনিবলৈ নিশ্চয় আহিব লাগে।
দেশ-বিদেশত থকা যিসকল ভগৱান শিৱৰ ভক্ত আৰু শিৱকথা, কীৰ্তন তথা শ্ৰৱণৰ প্ৰতি আগ্ৰহী, তেওঁলোক সকলোকে সন্মানসহকাৰে আমন্ত্ৰণ কৰিব লাগে আৰু যথাযোগ্য আদৰ-সৎকাৰ কৰিব লাগে।
শিৱপুৰাণ শুনিবলৈ মন্দিৰ, তীৰ্থস্থান, বনপ্ৰান্ত অথবা নিজৰ ঘৰতে কোনো উত্তম স্থান নিৰ্মাণ কৰিব লাগে। সেই স্থানটো সুন্দৰ খুঁটাৰে সজাই মণ্ডপ নিৰ্মাণ কৰিব লাগে। চাৰিওফালে ফল, ফুল আৰু সুন্দৰ চন্দোৱাৰে মণ্ডপটো সজাব লাগে। চাৰিওটা কোণত ধ্বজা স্থাপন কৰি বিভিন্ন সামগ্ৰীৰে সেই স্থানটো সুন্দৰভাৱে সজাব লাগে।
ভগৱান শিৱৰ বাবে ভক্তিভাৱে এটা সুন্দৰ আসন নিৰ্মাণ কৰিব লাগে। কথাবক্তাৰ বাবেও এটা সুন্দৰ আসনৰ ব্যৱস্থা কৰিব লাগে। নিয়ম অনুসৰি কথা শুনিবলৈ অহা শ্ৰোতাসকলৰ বাবে উপযুক্ত আসনৰ ব্যৱস্থা কৰিব লাগে আৰু অন্যান্য লোকসকলৰ বাবেও বহাৰ ব্যৱস্থা কৰিব লাগে।
কথা বৰ্ণনা কৰা বিদ্বান ব্যক্তিজনে কাৰো প্ৰতি বেয়া ভাব পোষণ কৰিব নালাগে। এই সংসাৰত জন্ম আৰু গুণৰ ভিত্তিত বহুজন গুৰু বুলি গণ্য হয়, কিন্তু সকলোৰে মাজত পুৰাণৰ জ্ঞান থকা ব্যক্তিক পৰম গুৰু বুলি গণ্য কৰা হয়।
পুৰাণৰ জ্ঞানী ব্যক্তিজন পৱিত্ৰ, শান্ত, সাধু-স্বভাৱৰ, ঈৰ্ষাৰ ওপৰত বিজয়ী আৰু দয়ালু হোৱা উচিত। এনে ব্যক্তিয়েই শিৱপুৰাণৰ পৱিত্ৰ কথা বৰ্ণনা কৰিব লাগে।
সূৰ্যোদয়ৰ পৰা প্ৰায় সাৰে তিনি প্ৰহৰলৈকে কথা কোৱাৰ উপযুক্ত সময়। মধ্যাহ্নত প্ৰায় দুই ঘড়ী সময় বিৰতি ৰাখিব লাগে, যাতে মানুহে প্ৰয়োজনীয় নিত্যকৰ্ম, যেনে মল-মূত্ৰ ত্যাগ আদি সম্পন্ন কৰিব পাৰে।
যিদিনা শিৱপুৰাণৰ কথা আৰম্ভ হ’ব, তাৰ এদিন আগতেই ব্ৰত গ্ৰহণ কৰিব লাগে। কথাৰ দিনকেইটাত পুৱা নিত্যকৰ্ম সংক্ষেপে সম্পন্ন কৰি ল’ব লাগে।
বক্তাৰ সহায়ৰ বাবে তেওঁৰ কাষত এজন বিদ্বান ব্যক্তিক বহুৱাব লাগে। তেওঁ শ্ৰোতাসকলৰ বিভিন্ন সংশয় দূৰ কৰি সহজভাৱে বুজাই দিব পৰা হ’ব লাগে।
কথাত কোনো ধৰণৰ বিঘিনি নঘটিবলৈ প্ৰথমে গণেশজীৰ পূজা কৰিব লাগে। তাৰ পিছত ভক্তিভাৱে ভগৱান শিৱ আৰু শিৱপুৰাণৰ পূজা কৰিব লাগে।
ইয়াৰ পিছত শ্ৰোতাসকলে শৰীৰ আৰু মন শুদ্ধ কৰি অত্যন্ত সন্মান আৰু ভক্তিৰে শিৱপুৰাণৰ কথা শুনিব লাগে।
যিসকল বক্তা আৰু শ্ৰোতা বিভিন্ন কৰ্মৰ চিন্তাত বিচলিত হৈ থাকে আৰু কাম, ক্ৰোধ আদি মানসিক বিকাৰেৰে আক্ৰান্ত হৈ থাকে, তেওঁলোকে সম্পূৰ্ণ পুণ্যৰ ফল লাভ কৰিব নোৱাৰে। কিন্তু যিসকল মানুহে নিজৰ সকলো চিন্তা পাহৰি শিৱপুৰাণৰ কথাত মন একাগ্ৰ কৰে, সেই শুদ্ধবুদ্ধিৰ লোকসকলে উত্তম ফল লাভ কৰে।”
মহাশিৱপুৰাণ — সপ্তম অধ্যায়
শ্ৰোতাসকলে পালন কৰিবলগীয়া নিয়ম
সূতজীয়ে ক’লে— “হে শৌনক! শিৱপুৰাণ শুনাৰ ব্ৰত গ্ৰহণ কৰা পুৰুষসকলৰ বাবে যিবোৰ নিয়ম আছে, সেইবোৰ মই এতিয়া ভক্তিভাৱে বৰ্ণনা কৰিছোঁ।
যিসকলে নিয়ম-নীতি মানি শিৱপুৰাণৰ পৱিত্ৰ কথা শ্ৰৱণ কৰে, তেওঁলোকে কোনো বিঘিনি নোহোৱাকৈ উত্তম ফল লাভ কৰে।
দীক্ষা নোলোৱা ব্যক্তিৰ শিৱপুৰাণৰ ব্ৰতপূৰ্বক শ্ৰৱণৰ অধিকাৰ নাই। সেয়েহে প্ৰথমে বক্তাৰ পৰা দীক্ষা গ্ৰহণ কৰিব লাগে।
নিয়ম অনুসৰি কথা শুনা ব্যক্তিয়ে ব্ৰহ্মচৰ্য পালন কৰিব লাগে। তেওঁ মাটিত শুব লাগে, পাতলত আহাৰ গ্ৰহণ কৰিব লাগে আৰু কথা সমাপ্ত হোৱাৰ পিছতহে অন্ন গ্ৰহণ কৰিব লাগে।
সামৰ্থ্য থকা ব্যক্তিয়ে শিৱপুৰাণৰ কথা সমাপ্ত নোহোৱালৈকে শুদ্ধ মনে উপবাস পালন কৰিব পাৰে অথবা দিনটোত এবাৰহে আহাৰ গ্ৰহণ কৰিব পাৰে।
ব্ৰত গ্ৰহণ কৰা ব্যক্তিয়ে উৰদ দাইল, মচুৰ দাইল, জ্বলা বা অশুদ্ধ খাদ্য, বেছি পকা বা বেয়া হোৱা খাদ্য আৰু বাসী অন্ন গ্ৰহণ কৰিব নালাগে।
যিজনে শিৱপুৰাণ শ্ৰৱণৰ ব্ৰত গ্ৰহণ কৰিছে, তেওঁ পিয়াঁজ, নহৰু, গাজৰ, মাদক দ্ৰব্য আৰু নিষিদ্ধ বুলি গণ্য কৰা বিভিন্ন খাদ্যবস্তু ত্যাগ কৰিব লাগে।
এনে ব্যক্তিয়ে প্ৰতিদিনে সত্য, শৌচ, সংযম, মৌনতা, সৰলতা, বিনয় আৰু আন্তৰিক উদাৰতাৰ দৰে সদগুণ গ্ৰহণ কৰিব লাগে। সাধু-সন্তৰ নিন্দা সম্পূৰ্ণৰূপে ত্যাগ কৰি নিয়ম অনুসৰি শিৱপুৰাণৰ কথা শুনিব লাগে।
এনে নিয়মেৰে শিৱপুৰাণৰ কথা শ্ৰৱণ কৰা ব্যক্তিয়ে ইয়াৰ প্ৰভাৱত নিজৰ অভীষ্ট কামনা লাভ কৰে আৰু নিষ্কামভাৱে শ্ৰৱণ কৰিলে মোক্ষ লাভ কৰে।
সকলো নাৰী-পুৰুষে বিধি-বিধান অনুসৰি শিৱপুৰাণৰ এই পৱিত্ৰ কথা শুনিব লাগে।
হে মহৰ্ষি! শিৱপুৰাণৰ কথা সমাপ্ত হোৱাৰ সময়ত শ্ৰোতাসকলে ভক্তিভাৱে ভগৱান শিৱৰ পূজা কৰিব লাগে। লগতে শিৱপুৰাণৰ পুথিখনো ভক্তিৰে পূজা কৰিব লাগে। ইয়াৰ পিছত বিধি অনুসৰি কথাবক্তাৰো পূজা কৰিব লাগে।
শিৱপুৰাণৰ পুথিখন ৰখাৰ বাবে নতুন আৰু সুন্দৰ বস্ত্ৰ বা আৱৰণ প্ৰস্তুত কৰিব লাগে। পুথি আৰু বক্তাৰ পূজা কৰাৰ পিছত বক্তাৰ সহায়ৰ বাবে আমন্ত্ৰণ কৰা পণ্ডিতজনকো যথাযোগ্য সন্মান কৰিব লাগে।
কথালৈ অহা অন্যান্য ব্ৰাহ্মণসকলকো অন্ন আৰু ধন দান কৰিব লাগে। গীত, বাদ্য আৰু নৃত্যৰ দ্বাৰা এই পৱিত্ৰ অনুষ্ঠানক উৎসৱমুখৰ কৰি তুলিব লাগে।
বিৰক্ত বা সন্ন্যাসীসকলে কথা সমাপ্তিৰ সময়ত গীতাৰ পাঠ কৰিব লাগে। গৃহস্থসকলে শ্ৰৱণৰ ব্ৰত সম্পূৰ্ণ কৰাৰ বাবে শান্তিৰ উদ্দেশ্যে হোম কৰিব লাগে।
এই হোম ৰুদ্ৰসংহিতাৰ শ্লোক অথবা গায়ত্ৰী মন্ত্ৰৰ দ্বাৰা কৰিব পাৰি। যদি কোনোবাই হোম কৰিবলৈ অসমৰ্থ হয়, তেন্তে ভক্তিভাৱে শিৱসহস্ৰনাম পাঠ কৰিব লাগে।
শিৱপুৰাণ শ্ৰৱণৰ ব্ৰত সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে মৌ-যুক্ত পায়স বা ক্ষীৰ ৰান্ধি এঘাৰজন ব্ৰাহ্মণক ভোজন কৰাব লাগে আৰু তেওঁলোকক যথাযোগ্য দক্ষিণা দিব লাগে।
সমৃদ্ধিশালী ব্যক্তিয়ে তিনি তোলা সোণেৰে এটা সুন্দৰ সিংহাসন নিৰ্মাণ কৰি তাৰ ওপৰত লিখিত বা মুদ্ৰিত শিৱপুৰাণৰ পুথিখন বিধিপূৰ্বক স্থাপন কৰিব লাগে। তাৰ পিছত পুথিখনৰ পূজা কৰি দক্ষিণা আগবঢ়াব লাগে।
ইয়াৰ পিছত আচাৰ্যক বস্ত্ৰ, অলংকাৰ আৰু অন্যান্য সামগ্ৰীৰে পূজা কৰি, সেই পুথিখন সন্মানসহকাৰে তেওঁক দান কৰিব লাগে।
এই পৱিত্ৰ পুথি দানৰ ফলত ভগৱান শিৱৰ নগৰ লাভ কৰি মানুহে সংসাৰৰ বন্ধনৰ পৰা মুক্তি লাভ কৰে বুলি শাস্ত্ৰত কোৱা হৈছে।
শিৱপুৰাণৰ বিধিপূৰ্বক অনুষ্ঠান সম্পন্ন কৰিলে ই সম্পূৰ্ণ ফল প্ৰদান কৰে আৰু ভোগ তথা মোক্ষ দুয়োটাই প্ৰদান কৰে।
শিৱপুৰাণৰ যি মাহাত্ম্য সম্পূৰ্ণ ফল প্ৰদানকাৰী, সেই সকলো কথা মই তোমালোকক বৰ্ণনা কৰিলোঁ। এতিয়া আৰু কি শুনিব বিচৰা?”
শ্ৰীশিৱপুৰাণ সকলো পুৰাণৰ মূৰত শোভা পোৱা তিলকৰ দৰে।
যিসকল মানুহে সদায় ভগৱান শিৱৰ ধ্যান কৰে, যিসকলৰ বাক্য ভগৱান শিৱৰ গুণগানত নিয়োজিত থাকে আৰু যিসকলে আনন্দ মনে শিৱকথা শুনে, তেওঁলোকৰ জীৱন সফল হয়।
এনে লোকসকলে সংসাৰ সাগৰ পাৰ হৈ যায় আৰু ইহলোক আৰু পৰলোকত সদায় সুখী থাকে।
ভগৱান শিৱৰ সচ্চিদানন্দ স্বৰূপৰ স্পৰ্শ লাভ কৰিলেই সকলো ধৰণৰ দুখ-কষ্টৰ নিবাৰণ হয়। তেওঁৰ মহিমা জগতৰ ভিতৰ আৰু বাহিৰ—উভয় স্থানতে বিদ্যমান।
সেই অনন্ত আনন্দস্বৰূপ পৰম শিৱৰ মই শৰণ গ্ৰহণ কৰোঁ।
এইদৰে সপ্তম অধ্যায় সমাপ্ত হ’ল।
পৰৱৰ্তী খণ্ডৰ ঘোষণা
যোৱা ষষ্ঠ আৰু সপ্তম অধ্যায়ত আপোনালোকে শিৱপুৰাণৰ কথা শ্ৰৱণ কৰাৰ বিধি আৰু সাধকে পালন কৰিবলগীয়া বিভিন্ন নিয়মৰ বিষয়ে জানিলে।
পৰৱৰ্তী খণ্ডত শিৱপুৰাণৰ বিদ্যেশ্বৰ সংহিতাৰ পাঠ আৰম্ভ কৰা হ’ব।
গতিকে পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত।
তেতিয়ালৈকে সকলোলৈ ধন্যবাদ।
হৰ হৰ মহাদেৱ! 🕉️
ওঁ নমঃ শিৱায়। 🙏

0 Comments