হৰ হৰ মহাদেৱ! শিৱ পুৰাণ কথাৰ এই ধাৰাবাহিকলৈ আপোনালোকক স্বাগতম। শিৱ পুৰাণক সাতখন সংহিতা আৰু এঘাৰটা খণ্ডত বিভক্ত কৰা হৈছে। এইসমূহ বিভিন্ন খণ্ডত ভাগ কৰি আপোনালোকৰ আগত ক্ৰমে উপস্থাপন কৰা হ’ব।
বৰ্তমান এই খণ্ডত আমি শুনিম— শিৱ মহাপুৰাণৰ মাহাত্ম্যৰ শিৱপুৰাণৰ সপ্তম অধ্যায়ত শিৱপুৰাণৰ বিদ্যেশ্বৰ সংহিতা
শিৱপুৰাণৰ এই খণ্ডত আপোনালোকে শুনিবলৈ পাব বিদ্যেশ্বৰ সংহিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় অধ্যায়ৰ কথা আৰু ইয়াৰ ব্যাখ্যা শ্ৰৱণ কৰিব।
হৰ হৰ মহাদেৱ!
ইয়াৰ পূৰ্বৰ তিনিটা খণ্ডত আপোনালোকে মহাশিৱপুৰাণৰ মাহাত্ম্য, শিৱপুৰাণ শ্ৰৱণ কৰাৰ বিধি আৰু শিৱপুৰাণ শ্ৰৱণ কৰা ভক্তসকলে পালন কৰিবলগীয়া বিভিন্ন নিয়মৰ বিষয়ে জানিবলৈ পাৰিলে।
বিদ্যেশ্বৰ সংহিতা শ্ৰৱণ কৰাৰ পূৰ্বে আপুনি ক্ৰমে এপিছ’ড নম্বৰ ১, ২ আৰু ৩-ত শিৱপুৰাণৰ মাহাত্ম্য আৰু ইয়াৰ শ্ৰৱণ-বিধি সম্পৰ্কে জানিব পাৰিব।
গতিকে, আহক—এতিয়া আৰম্ভ কৰোঁ বিদ্যেশ্বৰ সংহিতাৰ প্ৰথম অধ্যায়।
অধ্যায় ১ — পাপনাশক সাধনসমূহৰ বিষয়ে প্ৰশ্ন
প্ৰথম অধ্যায়ৰ আৰম্ভণিতে মংগলাচৰণ কৰা হৈছে—
“যিজন পৰম মংগলময়, যিজনে আত্মাৰ স্বৰূপ প্ৰকাশ কৰে, যাৰ পাঁচটা মুখ আৰু যিজনে লীলা কৰি এই জগতৰ সৃষ্টি, পালন আৰু সংহাৰ আদি পাঁচটা মহৎ কাৰ্য সম্পাদন কৰে, সেই সৰ্বশ্ৰেষ্ঠ, অজৰ-অমৰ উমাপতি ভগৱান শংকৰক মই মোৰ অন্তৰত ধ্যান কৰোঁ।”
মহাত্মাসুতৰ আগমন শ্রবণ কৰিপূৰ্বৰাব পুনৰ ক'লে, মঙ্গলময়ভগবান শিৱৰ মহিমাঅত্যন্ত অদ্ভুত।তেওঁৰ মাহাত্ম্য সকলোশাস্ত্ৰতেঅতিরিক্তৰূপেবর্ণিত হৈছে।হেবিদ্যাসুত, মই এতিয়াআপোনাৰ পৰাসকলোধৰ্মৰ সাৰভাগ শুনিব খুজিছোঁ।
ব্যাসজীয়ে কৈছে—
ধৰ্মৰ মহান ক্ষেত্ৰ, য’ত গংগা আৰু যমুনাৰ পৱিত্ৰ সংগম হৈছে, সেই পুণ্যভূমি প্ৰয়াগত এবাৰ মহাতেজস্বী আৰু মহাপ্ৰতাপী ঋষিসকলে এক বিশাল জ্ঞানযজ্ঞৰ আয়োজন কৰিছিল।
সেই জ্ঞানযজ্ঞৰ সংবাদ শুনি পুৰাণসমূহৰ শিৰোমণি ব্যাসজীৰ শিষ্য সূতজী সেই মুনিসকলৰ দৰ্শনৰ বাবে তাত উপস্থিত হ’ল।
ঋষিসকলে সূতজীক যথাবিধি আদৰ-সৎকাৰ কৰিলে আৰু তেওঁৰ স্তৱ-স্তুতি কৰি হাতযোৰ কৰি ক’লে—
“হে সৰ্বজ্ঞ বিদ্বান ৰোমহৰ্ষণপুত্ৰ সূতজী! আপুনি অত্যন্ত ভাগ্যৱান। আপুনি স্বয়ং ব্যাসজীৰ মুখৰ পৰা সমগ্ৰ পুৰাণৰ জ্ঞান লাভ কৰিছে। আপুনি আশ্চৰ্যজনক আৰু অমূল্য কথাৰ ভঁৰাল। আপুনি অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জ্ঞাতা।
আপোনাৰ দৰ্শন লাভ কৰাটো আমাৰ পৰম সৌভাগ্য। আপোনাৰ ইয়ালৈ অহা নিশ্চয়েই কোনো কাৰণ নোহোৱাকৈ হোৱা নাই।
হে কল্যাণকাৰী, উত্তম বুদ্ধিৰ অধিকাৰী সূতজী! যদি আপোনাৰ কৃপা হয়, তেন্তে গোপনীয় বিষয় হ’লেও এনে কোনো শুভ তত্ত্বৰ বিষয়ে আমাক কওক, যাৰ কথা শুনি আমাৰ কেতিয়াও তৃপ্তি নহয় আৰু যাৰ বিষয়ে অধিক শুনিবলৈ আমাৰ ইচ্ছা সদায় বৃদ্ধি পাই থাকে।
ঘোৰ কলিযুগ আহিলে মানুহে পুণ্যকৰ্মৰ পৰা আঁতৰি দুষ্কৰ্মত লিপ্ত হ’ব। তেওঁলোকে আনৰ নিন্দা কৰিব, পৰস্ত্ৰীৰ প্ৰতি আসক্ত হ’ব, অসত্য আৰু অন্যায়ৰ আশ্ৰয় ল’ব। বহু লোক মূৰ্খ, নাস্তিক আৰু অধাৰ্মিক হৈ পৰিব।
কলিযুগত বেদে প্ৰতিপাদন কৰা বৰ্ণাশ্ৰম ব্যৱস্থা নষ্ট হৈ যাব। প্ৰতিটো বৰ্ণ আৰু আশ্ৰমত থকা লোকসকলে নিজৰ নিজৰ ধৰ্ম পালন ত্যাগ কৰি বিপৰীত আচৰণত সুখ বিচাৰিব।
এই সামাজিক বিশৃংখলতাৰ ফলত মানুহৰ পতন হ’ব। পৰিয়াল ভাঙি যাব, সমাজ ছিন্নভিন্ন হৈ পৰিব। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ঠায়ে ঠায়ে বহু মানুহৰ মৃত্যু হ’ব।
ধনৰ প্ৰতি অত্যধিক আসক্তি, স্বাৰ্থপৰতা আৰু লোভ বৃদ্ধি পাব।
ব্ৰাহ্মণসকলেও নিজৰ ধৰ্মীয় কৰ্তব্যৰ পৰা বিচ্যুত হ’ব। তেওঁলোকে বেদ বিক্ৰী কৰি ধন উপাৰ্জন কৰিব, মোহত পৰি আনক প্ৰতাৰণা কৰিব, পূজা-পাঠ ত্যাগ কৰিব আৰু ব্ৰহ্মজ্ঞানৰ পৰা বঞ্চিত হ’ব।
ক্ষত্ৰিয়সকলে নিজৰ ধৰ্ম ত্যাগ কৰি কুসংগী, পাপী আৰু ব্যভিচাৰী হৈ পৰিব। তেওঁলোক শৌৰ্যহীন হৈ পৰিব আৰু কামনাৰ বশৱৰ্তী হ’ব।
বৈশ্যসকলেও নিজৰ ধৰ্ম আৰু সংস্কাৰৰ পৰা বিচ্যুত হৈ কেৱল ধন উপাৰ্জনৰ পিছত দৌৰিব আৰু ব্যৱসায়ত কেৱল লাভৰ কথাই চিন্তা কৰিব।
শূদ্ৰসকলেও নিজৰ ধৰ্ম-কর্ম ত্যাগ কৰি আড়ম্বৰপূৰ্ণ সাজ-পোছাক পৰিধান কৰি অকাৰণে ঘূৰি ফুৰিব। তেওঁলোক কুটিল, চতুৰ আৰু নিজৰ ধৰ্মৰ প্ৰতি কঠোৰ হৈ পৰিব। কুকৰ্ম আৰু বিবাদত লিপ্ত হ’ব।
মানুহে নিজৰ ধৰ্মীয় সীমা অতিক্ৰম কৰি সকলো বৰ্ণ আৰু শ্ৰেণীৰ মাজত অনুচিত বিবাহ কৰিবলৈ আৰম্ভ কৰিব।
স্ত্ৰীসকলেও সদাচাৰৰ পৰা বিচ্যুত হ’ব, স্বামীৰ প্ৰতি সন্মান হেৰুৱাব আৰু কলহ-বিবাদত লিপ্ত হ’ব। তেওঁলোকৰ খাদ্যাভ্যাস আৰু আচৰণো অশুদ্ধ হৈ পৰিব আৰু শীল-স্বভাৱ নষ্ট হ’ব।”
ঋষিসকলে ক’লে—
“হে সূতজী! যিসকল লোকৰ বুদ্ধি নষ্ট হৈছে আৰু যিসকলে নিজৰ ধৰ্ম ত্যাগ কৰিছে, এনে মানুহে ইহলোক আৰু পৰলোকত কেনেকৈ উত্তম গতি লাভ কৰিব?
এই চিন্তাত আমি সকলোৱে অত্যন্ত ব্যাকুল হৈ আছোঁ।
ধৰ্মৰ সমান কোনো উত্তম সাধন নাই। ধৰ্ম পালন কৰা মানুহে আনক সুখী কৰাৰ লগতে নিজেও অন্তৰত আনন্দ লাভ কৰে। যদি এই ধৰ্ম নিষ্কামভাৱে পালন কৰা হয়, তেন্তে ই কৰ্তাৰ হৃদয় শুদ্ধ কৰি তেওঁক পৰম গতি প্ৰদান কৰে।
হে মহামুনে! আপুনি ধৰ্মৰ সিদ্ধান্তসমূহৰ জ্ঞানী। সেয়ে কৃপা কৰি এনে কোনো উপায় আমাক কওক, যাৰ দ্বাৰা মানুহৰ এই সকলো পাপ অতি সোনকালে নাশ হ’ব পাৰে।”
ব্যাসজীয়ে কৈছে—
সেই শ্ৰেষ্ঠ মুনিসকলৰ কথা শুনি সূতজীয়ে মনতে পৰমশ্ৰেষ্ঠ ভগৱান শংকৰক স্মৰণ কৰি এইদৰে ক’বলৈ ধৰিলে।
---
অধ্যায় ২ — শিৱপুৰাণৰ পৰিচয় আৰু মাহাত্ম্য
সূতজীয়ে ক’লে—
“হে সাধু-মহাত্মাসকল! আপোনালোকে অতি উত্তম প্ৰশ্ন কৰিছে। আপোনালোকৰ এই প্ৰশ্ন তিনিওটা লোকৰ কল্যাণ সাধন কৰা প্ৰশ্ন।
আপোনালোকৰ স্নেহপূৰ্ণ অনুৰোধত আৰু মোৰ গুৰুদেৱ ব্যাসজীক সন্মান জনাই মই এতিয়া সকলো পাপৰাশি নাশকাৰী শিৱপুৰাণৰ অমৃতময় কথাৰ বৰ্ণনা কৰিম।
শিৱপুৰাণ বেদান্তৰ সাৰস্বৰূপ। ই পৰমাৰ্থ প্ৰদান কৰে আৰু অধৰ্ম তথা দুষ্টতাৰ বিনাশ সাধন কৰে। ইয়াত ভগৱান শিৱৰ উত্তম যশ আৰু মাহাত্ম্য বৰ্ণনা কৰা হৈছে।
ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ—এই চাৰি পুৰুষাৰ্থ প্ৰদান কৰা এই পুৰাণ নিজৰ প্ৰভাৱৰ ফলত ক্ৰমে অধিক বিস্তাৰ লাভ কৰিছে।
শিৱপুৰাণ অধ্যয়ন আৰু শ্ৰৱণ কৰিলে অগণন পাপত লিপ্ত জীৱেও উত্তম গতি লাভ কৰে। ইয়াৰ শ্ৰৱণৰ দ্বাৰাই কলিযুগৰ অশান্তি আৰু অধৰ্মৰ প্ৰভাৱ শান্ত হ’ব পাৰে।
শিৱপুৰাণ বেদৰ সমতুল্য বুলি গণ্য কৰা হয়। ইয়াৰ প্ৰবচন প্ৰথমে স্বয়ং ভগৱান শিৱেই কৰিছিল।
এই পুৰাণত বাৰটা সংহিতাৰ কথা উল্লেখ কৰা হৈছে। সেইবোৰ হ’ল—
১. বিদ্যেশ্বৰ সংহিতা
২. ৰুদ্ৰ সংহিতা
৩. বিনায়ক সংহিতা
৪. উমা সংহিতা
৫. সহস্ৰকোটি ৰুদ্ৰ সংহিতা
৬. একাদশ ৰুদ্ৰ সংহিতা
৭. কৈলাস সংহিতা
৮. শতৰুদ্ৰ সংহিতা
৯. কোটি ৰুদ্ৰ সংহিতা
১০. মাতৃ সংহিতা
১১. বায়ৱীয় সংহিতা
১২. ধৰ্ম সংহিতা
বিদ্যেশ্বৰ সংহিতাত দহ হাজাৰ শ্লোক আছে।
ৰুদ্ৰ সংহিতা, বিনায়ক সংহিতা, উমা সংহিতা আৰু মাতৃ সংহিতাত প্ৰতিখনত আঠ হাজাৰকৈ শ্লোক আছে।
একাদশ ৰুদ্ৰ সংহিতাত তেৰ হাজাৰ শ্লোক, কৈলাস সংহিতাত ছয় হাজাৰ শ্লোক, শতৰুদ্ৰ সংহিতাত তিনি হাজাৰ শ্লোক, কোটি ৰুদ্ৰ সংহিতাত ন হাজাৰ সাতষষ্ঠি শ্লোক, আন কোটি ৰুদ্ৰ সংহিতাত এঘাৰ হাজাৰ শ্লোক, বায়ৱীয় সংহিতাত চাৰি হাজাৰ শ্লোক আৰু ধৰ্ম সংহিতাত বাৰ হাজাৰ শ্লোক আছে।
মূল শিৱপুৰাণত মুঠ এক লাখ শ্লোক আছিল। কিন্তু ব্যাসজীয়ে ইয়াক সংক্ষিপ্ত কৰি চৌব্বিশ হাজাৰ শ্লোকত সংকলন কৰিছিল।
অষ্টাদশ মহাপুৰাণৰ ক্ৰমত শিৱপুৰাণৰ চতুৰ্থ স্থান বুলি কোৱা হয়। ইয়াৰ সাতখন সংহিতা আছে বুলি এক পৰম্পৰাত উল্লেখ কৰা হৈছে।
পূৰ্বকালত ভগৱান শিৱে এশ কোটি শ্লোকৰ এক বিশাল পুৰাণ ৰচনা কৰিছিল। সৃষ্টিৰ আৰম্ভণিৰ সময়ত এই পুৰাণ-সাহিত্য অত্যন্ত বিস্তৃত আছিল।
দ্বাপৰ যুগত দয়ানিধি ব্যাসজীয়ে পুৰাণসমূহক ওঠৰটা ভাগত বিভক্ত কৰি চাৰি লাখ শ্লোকত সংক্ষিপ্ত কৰিছিল। তাৰ পিছত তেওঁ শিৱপুৰাণক পুনৰ চৌব্বিশ হাজাৰ শ্লোকত সংকলন কৰিছিল।
এই পৱিত্ৰ শিৱপুৰাণৰ বিভিন্ন সংহিতাত ভগৱান শিৱৰ মাহাত্ম্য, জ্ঞান, ভক্তি আৰু ধৰ্মৰ বিস্তৃত বৰ্ণনা কৰা হৈছে।
ঋষি-মুনিসকলে শিৱপুৰাণক বেদৰ সমান প্ৰমাণিত আৰু উত্তম গতি প্ৰদানকাৰী বুলি মান্য কৰিছে।
শিৱপুৰাণৰ মূল ৰচয়িতা স্বয়ং ভগৱান শিৱ আৰু ইয়াক সংক্ষিপ্ত ৰূপত সংকলন কৰাৰ কৃতিত্ব ব্যাসজীৰ।
শিৱপুৰাণ সকলো জীৱৰ কল্যাণকাৰী আৰু সকলো পাপৰ নাশকাৰী। ই সত্পুৰুষসকলক কল্যাণ প্ৰদান কৰে। ইয়াৰ তুলনা নাই।
ইয়াত বেদে প্ৰতিপাদন কৰা অদ্বৈত জ্ঞান আৰু নিষ্কপট ধৰ্মৰ উপদেশ দিয়া হৈছে।
শিৱপুৰাণ শ্ৰেষ্ঠ মন্ত্ৰসমূহৰ এক পৱিত্ৰ সংকলন আৰু সকলো মানুহৰ বাবে শিৱধাম লাভৰ এক মহান সাধন।
সমস্ত পুৰাণৰ ভিতৰত শিৱপুৰাণ শ্ৰেষ্ঠ বুলি মান্য কৰা হয়। ঈৰ্ষামুক্ত আৰু পৱিত্ৰ অন্তঃকৰণৰ বিদ্বানসকলৰ বাবে ই বিশেষভাৱে জ্ঞান লাভৰ বিষয়।
ইয়াত পৰমাত্মাৰ মাহাত্ম্য গোৱা হৈছে।
এই অমৃতময় মহাশিৱপুৰাণ আদৰসহ পঢ়া আৰু শ্ৰৱণ কৰা মানুহে ভগৱান শিৱৰ ভক্ত হৈ পৰম গতি লাভ কৰে।”
---
অধ্যায় ৩ — শ্ৰৱণ, কীৰ্তন আৰু মননৰ শ্ৰেষ্ঠতা
ব্যাসজীয়ে কৈছে—
সূতজীৰ এই অমৃতময় বচন শুনি সকলো মহৰ্ষিয়ে ক’লে—
“ভগৱান! আপুনি আমাক এই অদ্ভুত আৰু পৱিত্ৰ মহাশিৱপুৰাণৰ সম্পূৰ্ণ কথা শ্ৰৱণ কৰাওক।”
সূতজীয়ে ক’লে—
“হে মহৰ্ষিসকল! আপোনালোকে মংগলময় ভগৱান শিৱক স্মৰণ কৰি বেদৰ সাৰভূত শিৱপুৰাণৰ এই অমৃতময় কথা শ্ৰৱণ কৰক।
শিৱপুৰাণত ভক্তি, জ্ঞান আৰু বৈৰাগ্যৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে।
যেতিয়া সৃষ্টিৰ আৰম্ভণি হৈছিল, তেতিয়া ছয়গৰাকী শৌনকাদি মহৰ্ষিৰ মাজত পৰস্পৰে বিতৰ্ক আৰম্ভ হৈছিল—কোনটো বস্তু সৰ্বশ্ৰেষ্ঠ?
যেতিয়া সেই বিতৰ্কে অধিক ৰূপ ধাৰণ কৰিলে, তেতিয়া তেওঁলোকে নিজৰ সন্দেহ দূৰ কৰাৰ উদ্দেশ্যে সৃষ্টিকৰ্তা অবিনাশী ব্ৰহ্মাৰ ওচৰলৈ গৈ হাতযোৰ কৰি ক’লে—
‘হে প্ৰভু! আপুনি সমগ্ৰ জগতক ধাৰণ কৰি ইয়াৰ পালন আৰু পোষণ কৰে। আমি জানিব বিচাৰোঁ—সকলো তত্ত্বৰো ওপৰত থকা সেই পৰম পুৰুষ কোন?’
ব্ৰহ্মাজীয়ে ক’লে—
‘ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ, ইন্দ্ৰ আদি দেৱতা আৰু সমগ্ৰ জগতৰ সকলো জীৱ, ভূত আৰু ইন্দ্ৰিয়ৰ পূৰ্বেই যিজন পৰম তত্ত্ব প্ৰকাশিত হৈছিল, সেই মহাদেৱেই সৰ্বজ্ঞ আৰু সৰ্বপূৰ্ণ।
তেওঁক কেৱল ভক্তিৰ দ্বাৰাই উপলব্ধি কৰিব পাৰি। আন কোনো উপায়ে তেওঁৰ সম্পূৰ্ণ সাক্ষাৎ লাভ কৰিব নোৱাৰি।
ভগৱান শিৱৰ প্ৰতি অটুট ভক্তিয়েই মানুহক সংসাৰৰ বন্ধনৰ পৰা মুক্তি দিয়ে।
ভক্তিৰ দ্বাৰাই ভগৱান শিৱৰ কৃপা লাভ হয়।
যিদৰে বীজৰ পৰা অংকুৰ আৰু অংকুৰৰ পৰা পুনৰ বীজৰ সৃষ্টি হয়, তেনেদৰে ভগৱান শংকৰৰ কৃপাৰ পৰাও ভক্তি বৃদ্ধি পাই থাকে।
ভগৱান শংকৰৰ কৃপা লাভ কৰিবলৈ আপোনালোকে পৃথিৱীত সহস্ৰ বছৰ ধৰি চলিব পৰা এক বিশাল যজ্ঞ সম্পন্ন কৰক।’
এই যজ্ঞৰ জৰিয়তে ভগৱান শিৱৰ কৃপা লাভ কৰি মানুহে পাৰ্থিৱ জ্ঞানৰ লগতে সাধ্য আৰু সাধনৰ প্ৰকৃত জ্ঞান লাভ কৰে।
শিৱপদ লাভ কৰাটোৱেই সাধ্য আৰু ভগৱান শিৱৰ সেৱাই হৈছে সাধন।
যিসকল মানুহে কোনো ফলৰ কামনা নকৰাকৈ ভগৱান শিৱৰ ভক্তিত নিমগ্ন হৈ থাকে, তেওঁলোকেই প্ৰকৃত সাধক।
নিজৰ কৰ্মৰ দ্বাৰা লাভ কৰা সকলো ফল ভগৱান শিৱৰ শ্ৰীচৰণত অৰ্পণ কৰাটোৱেই পৰমেশ্বৰক লাভ কৰাৰ এক মহান উপায় আৰু মোক্ষ লাভৰ অন্যতম সাধন।
সাক্ষাৎ মহেশ্বৰ ভগৱান শিৱই নিজেই ভক্তিৰ এই সাধনসমূহৰ উপদেশ দিছে।
ভগৱানৰ নাম, গুণ আৰু লীলাৰ কথা শ্ৰৱণ কৰা, মুখেৰে তেওঁৰ কীৰ্তন কৰা আৰু মনেৰে তেওঁৰ চিন্তন কৰা—এইবোৰেই শিৱপদ লাভৰ মহান সাধন।
এই সাধনসমূহৰ দ্বাৰাই মানুহৰ সকলো মনোৰথ সিদ্ধ হয়।
যি বস্তু আমি নিজৰ চকুৰে প্ৰত্যক্ষভাৱে দেখা পাওঁ, তাৰ প্ৰতি আকৰ্ষিত হোৱাটো স্বাভাৱিক। কিন্তু যি তত্ত্ব আমি প্ৰত্যক্ষভাৱে দেখা নাপাওঁ, তাক প্ৰথমে শুনি আৰু বুজি লৈহে তাৰ প্ৰাপ্তিৰ বাবে চেষ্টা কৰোঁ।
সেইবাবেই শ্ৰৱণ হৈছে প্ৰথম সাধন।
শ্ৰৱণৰ জৰিয়তে গুৰুৰ মুখৰ পৰা তত্ত্বজ্ঞান শুনি ধীৰে ধীৰে মানুহে কীৰ্তন আৰু মননৰ শক্তি তথা সিদ্ধি লাভ কৰিবলৈ চেষ্টা কৰে।
মনোনিৱেশ কৰি এই সাধন অবিৰতভাৱে কৰি থাকিলে ক্ৰমে ভগৱান শিৱৰ কৃপা লাভ হয় আৰু এক অপাৰ, অলৌকিক আনন্দৰ অনুভৱ হয়।
ভগৱান শিৱৰ পূজা কৰা, তেওঁৰ নাম জপ কৰা আৰু তেওঁৰ ৰূপ, গুণ আৰু লীলাৰ বিষয়ে হৃদয়ত নিৰন্তৰ চিন্তা কৰাকেই মনন বুলি কোৱা হয়।
মহেশ্বৰৰ কৃপাদৃষ্টিৰ ফলত লাভ কৰা এই জ্ঞান আৰু ধ্যানকো এক মহান সাধন বুলি কোৱা হয়।”
---
এইদৰে সূতজীয়ে সেই সময়ৰ বাবে শিৱপুৰাণৰ কথাক ইয়াতেই বিৰাম দিলে।
পৰৱৰ্তী খণ্ডত বিদ্যেশ্বৰ সংহিতাৰ চতুৰ্থ অধ্যায়ৰ পৰা পুনৰ পাঠ আৰম্ভ কৰা হ’ব আৰু আগন্তুক কেইবাটাও অধ্যায়ৰ পৱিত্ৰ কথা আপোনালোকক শ্ৰৱণ কৰোৱা হ’ব।
গতিকে পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত।
তেতিয়ালৈকে আপোনালোকৰ সকলোৰে প্ৰতি আমাৰ আন্তৰিক কৃতজ্ঞতা।
হৰ হৰ মহাদেৱ! 🔱

0 Comments